ভাৰত চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ পেঞ্চন আৰু পেঞ্চন কল্যাণ বিভাগে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ বাবে ডিজিটেল জীৱন প্ৰমাণপত্ৰ জাৰী কৰাৰ প্ৰচাৰৰ বাবে এক দেশব্যাপী অভিযান আৰম্ভ কৰিছে। এই অভিযান শৃংখলাটোত বামুণীমৈদামৰ ভাৰতীয় ষ্টেটবেংকৰ নিউ গুৱাহাটী শাখাত কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ বাবে অহা ১৬ নৱেম্বৰত সজাগতা অভিযান অনুষ্ঠিত কৰা হ’ব। সকলো পেঞ্চনাৰে ডিজিটেল উপায়েৰে তেওঁলোকৰ জীৱন প্ৰমাণ পত্ৰ দাখিল কৰাৰ বাবে কেন্দ্ৰলৈ আহিব পাৰে।
পূৰ্বে জীৱন প্ৰমাণপত্ৰবোৰ কায়িকৰূপত দাখিল কৰিবলগা হৈছিল যাৰ ফলত পুৰণি পেঞ্চনাৰসকলৰ বাবে এই প্ৰক্ৰিয়া পলম হৈছিল। এতিয়া, এটা বুটাম ক্লিকতে জীৱন প্ৰমাণপত্ৰ দাখিল কৰিব পাৰি।এই সুবিধা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু বিতৰণ কৰ্তৃপক্ষৰ বাবেও ৰাজ্যখনৰ কোষাগাৰ কাৰ্যালয় হিচাপে উপলব্ধ।
ডিজিটেল জীৱন প্ৰমাণপত্ৰৰ বিষয়েঃ
২০২১ চনৰ নৱেম্বৰত, মাননীয় ৰাজ্যিক মন্ত্ৰী (পিপি) ড০ জিতেন্দ্ৰ সিঙে যিকোনো এণ্ড্ৰইড ম’বাইল ফোনৰ জৰিয়তে জীৱন প্ৰমাণপত্ৰ দাখিল কৰাৰ প্ৰমাণীকৰণ কৌশল মুকলি কৰিছিল।এতিয়া বিভাগটোৱে ডিজিটেল মোডৰ জৰিয়তে জীৱন প্ৰমাণপত্ৰৰ প্ৰচাৰ আৰু মুখাৱয়ব প্ৰমাণীকৰণ কৌশল জনপ্ৰিয় কৰাৰ বাবে এক বিশেষ ৰাষ্ট্ৰব্যাপী অভিযান আৰম্ভ কৰিছে। সকলো পঞ্জীভুক্ত পেঞ্চনাৰ সংগঠন, পেঞ্চন বিতৰণকাৰী বেংক, ভাৰত চৰকাৰৰ মন্ত্ৰালয়/বিভাগ আৰু চিজিএইচএছ কল্যাণ কেন্দ্ৰসমূহক পেঞ্চনাৰসকলৰ ‘জীৱন ধাৰণৰ সহজতা’ৰ বাবে বিশেষ শিবিৰ আয়োজন কৰি জীৱন প্ৰমাণপত্ৰ দাখিল কৰাৰ বাবে ডিজিটেল জীৱন প্ৰমাণপত্ৰ/মুখাৱয়ব প্ৰমাণীকৰণ কৌশলৰ প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।