সাহিত্য চৰ্চাৰ জৰিয়তে সাহিত্যৰ সাধনা, সাহিত্যৰ বিকাশ আৰু সামাজিক দায়বদ্ধতাৰে নতুন লেখক -লেখিকাক উদগনি জনোৱাৰ উদ্দেশ্যে গঠন হোৱা সাহিত্য -সংস্কৃতিৰ নৱ মঞ্চ অসমৰ দ্বি-বাৰ্ষিক তৃতীয় আৰু সাহিত্য-সংস্কৃতিৰ সমন্বয় মঞ্চ অসমৰ প্ৰথম বৰ্ষপূৰ্তি শণিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সুকলমে অনুষ্ঠিত হৈ যায়। সাহিত্য সংস্কৃতিৰ নৱ মঞ্চ অসমৰ কাৰ্যকৰী সভাপতি জুৰি দেৱীৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা আজিৰ সভাৰ সভাপতিত্ব কৰে সাহিত্য-সংস্কৃতিৰ নৱ মঞ্চ অসমৰ সভাপতিৰ জীনা বৰুৱাই। ইপিনে সাহিত্য সংস্কৃতিৰ নৱ মঞ্চ অসমৰ মুখ্য প্ৰশাসক সুমিত্ৰা দাসৰ আদৰণি ভাষণৰে আৰম্ভ হোৱা আড়ম্বন পূৰ্ণ সভাৰ লগত সংগতি ৰাখি কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়।
উন্মোচিত হোৱা গ্ৰন্থ কেইখন হৈছে সুমিত্ৰা দাসৰ “কঁহুৱা” জিনা বৰুৱা বৰা “প্ৰেমেই জীৱন সৌৰভ”
পবিত্ৰী ভৰালী মণি “এতিয়াও সাৰে আছো মই” শান্তা মণি ৰাজমেধি “শ্বাশ্বত নিশ্বাস”আনহাতে গ্ৰন্থ কেইখন উন্মোচন কৰে ক্ৰমে গ্ৰন্থ সমালোচক বিপুল শৰ্মা, বিশিষ্ট কবি তথা গৱেষক ছাত্ৰ অসীম কুমাৰ হাজৰিকা,জ্যেষ্ঠ চিকিৎসক তথা অভিনেতা ডাঃ জয় বৰা আৰু কলঙৰ পাৰত সাহিত্য-সংস্কৃতিৰ সমন্বয় মঞ্চ অসমৰ সভাপতি ধনেশ্বৰ মালাকাৰে। প্ৰায় শতাধিক কবি সাহিত্যক আৰু সাহিত্য অনুৰাগী উপস্থিত থকা আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সন্মিলিত সাহিত্য মঞ্চ অসমৰ মুখ্য প্ৰশাসক দিলীপ তাঁতী। ইপিনে বহুতো ন-পুৰণি কবিৰ কবিতা পাঠে আজিৰ অনুষ্ঠানটি অধিক জীপাল হৈ পৰে বুলি জনাইছে উদ্যোগতা সকলে।