চিএম ভিজিলেন্সৰ জালত পৰিল ২০ কোটিটকীয়া GMCৰ বোকা নিষ্কাশন কেলেংকাৰীৰ অন্যতম অভিযুক্ত ঠিকাদাৰ মিঠু আগৰৱালা। বিহাৰৰ চুপল জিলাৰ ট্ৰিবেণীগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰি আজি তেওঁক বিহাৰৰ চুপল জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব। হাজিৰ কৰাই আগৰৱালাক ট্ৰেনজিৎ ৰিমাণ্ডত লৈ চিএম ভিজিলেন্সৰ দলটো ৰাওনা হ’ব গুৱাহাটী অভিমুখে।
উল্লেখ্য যে, GMCৰ বোকা নিষ্কাশন কেলেংকাৰীৰে নাম সাঙোৰ খাইছিল মিঠু আগৰৱালাৰ। ২০ কোটিটকীয়া কেলেংকাৰীৰে নাম সাঙোৰ খাই বৰ্তমান জে’লত আছে বহু বিষয়া-অভিযন্তা।