কংগ্ৰেছৰ বৰ্ষীয়ান নেতা জয়ৰাম ৰমেশে সোমবাৰে অনুষ্ঠিত এক সংবাদ মেলত ভাৰতীয় জনতা পাৰ্টীক উদ্দেশ্যি উদ্বেগ প্ৰকাশ কৰি কয় যে, ৰাজনৈতিক একনায়কত্ববাদ এতিয়া এক দু:স্বপ্ন নহয় বৰং বাস্তৱ। শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টীৰ একনায়কত্ববাদী শাসনৰ বাবে এতিয়া দেশত প্ৰত্যক্ষ হৈছে বিভাজনৰ।
উল্লেখ্য যে, জয়ৰাম ৰমেশৰ ভাষ্য অনুসৰি দেশত বৰ্তমান তিনিটা মুখ্য সমস্যাই দেখা দিছে আৰু সেই কেইটা হ’ল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি দলৰ একনায়কত্ববাদী শাসন, দেশৰ অৰ্থনৈতিক দুৰৱস্থা আৰু ক্ৰমাৎ বৃদ্ধি পায় অহা ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্য। এই তিনিটা সমস্যাৰ বাবেই বৰ্তমান দেশত ভাঙোনে দেখা দিয়া বুলিও জনায় নেতা গৰাকীয়ে।
ইয়াৰ ওপৰিও বৰ্ষীয়ান নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত জনায় যে, ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাজস্থানত সোমবাৰৰ পৰা আৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰা।