গুৱাহাটীৰ নাৰেংগীৰ বীৰকুছি অঞ্চলৰ প্ৰবীন সমাজকৰ্মী বসন্ত কুমাৰ গোস্বামীৰ বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত মৃত্যু হয়। তেওঁ গুৱাহাটীৰ এপল’ ইন্টাৰনেচনেল হাস্পতালত অসুস্থতাৰ সূত্ৰে চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। ভাৰত সঞ্চাৰ নিগম লিমিটেড (বিএছএনএল) ত কাম কৰাৰ সূত্ৰে প্ৰয়াত গোস্বামীয়ে সুদীৰ্ঘ সময় ৰাজ্যৰ বিভিন্ন স্থানত সেৱা আগবঢ়ায়। বৃহত্তৰ কলিতাকুছিৰ ২নং বীৰকুছি দুৰ্গা মন্দিৰৰ সৈতে প্ৰতিষ্ঠা কালৰে পৰা জড়িত প্ৰয়াত গোস্বামী বীৰকুছি ৰঙালী বিহু উদযাপন সমিতি তথা নাৰেঙ্গী সাহিত্য সভা আদি বিভিন্ন সামাজিক- সাংস্কৃতিক অনুষ্ঠানৰ সৈতেও মৃত্যুৰ আগলৈ সক্ৰিয় ভাবে জড়িত হৈ আছিল। বুধবাৰে নিশা নৱগ্ৰহ শ্মশানত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
প্ৰয়াত গোস্বামীয়ে মৃত্যুৰ সময়ত পত্নী মঞ্জু গোস্বামী আৰু তিনি কন্যা দীপাঞ্জলি গোস্বামী, গীতাঞ্জলি গোস্বামী আৰু ডঃ মিতালী গোস্বামী, তিনি জোঁৱাই, নাতি- নাতিনী সমন্বিতে পৰিয়ালৰ বহু সদস্য তথা গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। প্ৰবীণ সমাজকৰ্মীজনৰ মৃত্যুত সমগ্ৰ কলিতাকুছি, বীৰকুছি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে আৰু বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।