গুৱাহাটী প্ৰেছ ক্লাৱত শুক্ৰবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য্যপূর্ণ সভাত, যোৰহাট তিতাবৰৰ অষ্টম শ্ৰেণীত পঢ়া ১৪বছৰীয়া নিতিশ্মান দাসৰ “দেহে প্ৰাণে কবিতা মোৰ” নামৰ কবিতাপুথি উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হোমেশ্বৰ কলিতা তথা বিশিষ্ট লেখক আৰু সাহিত্যিক গোপাল জালান দেৱে। সভাত সভাপতিত্ব কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক অসমীয়া ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক ড০ মুকুল চক্ৰৱৰ্তী দেবে।
সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে উদ্যোগপতি পৱন আগৰৱালা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমোনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ যুতিকা ওঝা। কবিতাপুথিৰ লেখক নিতিষ্মান দাসৰ পৰিয়ালবৰ্গৰ লগতে ৰঙিলী বাৰ্ত্তাৰ কৰ্মবিন্দৰ উপস্থিতিত কিতাপখন উন্মোচন কৰা হয় । সভাত নিতিষ্মানৰ এই প্ৰতিভাক সকলোৱে সম্ভাষণ জনাই আৰু ৰঙিলীবাৰ্ত্তাৰ মুখ্য সম্পাদক উদ্দীপ্ত নয়ন মেধিৰ নতুন প্ৰজন্মক আগুৱাই নিয়াৰ এই প্ৰচেষ্টাক উপস্থিত সকলোৱে ভূয়সী প্ৰসংশা কৰে। সভাত গোপাল জালান দেৱে স্বৰ্গীয় মহেশ চন্দ্ৰ মেধিৰ লগত তেঁওৰ সম্পৰ্ক কথা সোৱৰে লগতে অনলাইনৰ এই যুগতো যে কিতাপৰ মূল্য বহু বেছি তাক বাখ্যা কৰে।
বিশিষ্ট অতিথি পবন আগৰৱালা দেৱে ৰঙিলী বাৰ্ত্তা ৰ প্ৰতিষ্ঠাতা স্বৰ্গীয় মহেশ চন্দ্ৰ মেধিৰ লগত থকা তেওঁৰ পুৰণা সম্পৰ্কৰ কথা কয় আৰু নিতিষ্মানক আৰু আগুৱাই যোৱাৰ বাবে অনুপ্ৰেৰণা মূলক বক্তব্য দাঙি ধৰে। ডঃ যুতিকা ওঝা দেৱীয়েও নিতিষ্মানৰ কামক প্ৰশংসা কৰে। সভাপতি ডঃ মুকুল চক্ৰৱৰ্তী ডাঙৰীয়াই আজিৰ প্ৰজন্মক নিজৰ ইচ্চামতে সৎ পথ বাছি লৈ আগবাঢ়ি যোৱাৰ পোষকতা কৰে।
সভাত যোৱা ১৭ জুন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফলৰ বিজয়ী সকল ক্ৰমে প্ৰথম – মেঘৰাগিনী বৰা, দ্বিতীয়- দেৱস্মৃতা পাল,তৃতীয়- দীক্ষিত বেজবৰুৱাক সম্বৰ্ধনা জনোৱা হয়। শেষত ৰঙিলী বাৰ্ত্তাৰ স্বত্বাধিকাৰী উদ্দীপ্ত নয়ন মেধি ডাঙৰীয়াই শলাগৰ শৰাইৰ আগবঢ়োৱাৰ লগতে কবিতা লিখকক সম্বৰ্ধনা আগবঢ়াই আৰু প্ৰস্তুতি শৰ্মাক কনিষ্ঠ সাংবাদিক বঁটা প্ৰদান কৰাৰ লগতে সকলোলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে।