কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়ে ২০২৪ বৰ্ষৰ নিৰ্বাচনী ফলাফলৰ কিছু আভাস দিয়ে এক বিশাল জনসভাত। মন্ত্ৰীগৰাকীৰ মন্তব্য অনুসৰি, শেহতীয়া গুজৰাট নিৰ্বাচনে কেৱল ৰাজ্যখনৰ বাবেই নহয় বৰং সম্পূৰ্ণ দেশখনৰ বাবেই কিছু বাৰ্তা প্ৰেৰণ কৰিছিল। এই বাৰ্তা অনুসৰি, ২০২৪ চনতো দেশৰ প্ৰধানমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোডীকেই প্ৰত্যক্ষ কৰাটো খাটাং। তেনেস্থলত কেৱল নৰেন্দ্ৰ মোডীয়েই নহয় বৰং ভাৰতীয় জনতা পাৰ্টীৰেই জয় নিশ্চিত। কেন্দ্ৰত দেখা যাব একেটা দলৰেই চৰকাৰ। এইয়া হয়তো কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ নিজ দলৰ ওপৰত থকা আস্থা অথবা ২০২৪ বৰ্ষলৈ সচাকৈয়ে দলে প্ৰস্তুতি চলাইছে নিৰ্বাচনত জয় লাভ কৰিবলৈ।
আনহাতে, একেখন সভাতে মন্ত্ৰীগৰাকীয়ে আম আদমি পাৰ্টী সন্দৰ্ভত ভাষ্য দিয়ে যে, বিগত গুজৰাট নিৰ্বাচনত দলটিয়ে কংগ্ৰেছৰ ভোট বিভাজন কৰি ভাৰতীয় জনতা পাৰ্টীক প্ৰত্যক্ষভাৱেই সহায় কৰিলে। যাৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰেই গুজৰাটত বিজয় লাভ কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে।