তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেশ্যন (CBC), গুৱাহাটীৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান (AEI) ৰ খেলপথাৰত আজিৰেপৰা আজাদী কা অমৃত মহোৎসৱ বিষয়ক এখনি পাঁচ-দিনীয়া ফটো প্ৰদৰ্শনী আৰম্ভ হৈছে। অসমৰ মাননীয় ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে ফটো প্ৰদৰ্শনীখনি উদ্বোধন কৰে।
উদ্বোধনী ভাষণ প্ৰদান কৰি প্ৰফেছৰ মুখীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ অবিদিত বীৰসকলৰ ফটো প্ৰদৰ্শনীখনিয়ে জনসাধাৰণে ইয়ালৈ আহি আমাৰ শ্ৰদ্ধাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগৰ গাথা সম্পৰ্কে জ্ঞাত হ’বলৈ উপায় প্ৰশস্ত কৰিছে। “আমি এই মহান ৰাষ্ট্ৰৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ সৌভাগ্য লাভ কৰিছো আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত উত্তৰ-পূবৰ সেনানীসকল সদায় প্ৰশংসা আৰু সন্মান সহকাৰে স্মৰণীয় হৈ থাকিব”, তেওঁ লগতে কয়। প্ৰফেছৰ মুখীয়ে বিগত বছৰকেইটাত আজাদী কা অমৃত মহোৎসৱ বিষয়ক ৫০ ৰোধিক প্ৰদৰ্শনী অনুষ্ঠিতকৰণৰ বাবে CBC, গুৱাহাটীয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।
সমবেত লোকসকলক সম্বোধি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্ৰধান বি. নাৰায়ণন (IIS) য়ে কয় যে চিবিচি, গুৱাহাটীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অবিদিত নায়কসকলক আলোকপাতৰ লক্ষ্যৰে এই প্ৰদৰ্শনীৰ আয়োজন কৰিছে আৰু ইয়াৰ জৰিয়তে দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলৰ জীৱন গাথাৰ অৱলোকন কৰা হৈছে। তেওঁ লগতে এই প্ৰদৰ্শনীখনে দৰ্শনাৰ্থীসকলৰ বাবে ভাৰতৰ স্বাধীনতালৈ স্বাধীনতা সংগ্ৰামীসকলৰ অৱদান সম্পৰ্কে জ্ঞাত হ’বলৈ এক মঞ্চ হিচাপে কাম কৰিব বুলিও কয়।
পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ভাষণ প্ৰসংগত কয়, দেশখনৰ বাবে অগণিত স্বাধীনতা সংগ্ৰামীয়ে প্ৰাণ আহুতি দিছিল আৰু অমৃত মহোৎসৱৰ জৰিয়তে তেখেতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। সেয়ে, চিবিচি, গুৱাহাটীৰ ফটো প্ৰদৰ্শনী হৈছে সাধাৰণ জনতাৰ মাজত তেওঁলোকৰ বৰঙণি সম্পৰ্কে জ্ঞাতকৰণৰ এক অনন্য প্ৰয়াস। গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই CBC, গুৱাহাটীৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে যুৱক-যুৱতীসকলে এই প্ৰদৰ্শনীৰ জৰিয়তে স্বাধীনতা সংগ্ৰামীসকলৰ বিষয়ে জানিব পাৰিব। তেওঁ এই অমৃত মহোৎসৱৰ উদযাপনত দৰ্শনাৰ্থীসকলক যোগদান কৰিবলৈ আহ্বান জনায়।
এই অনুষ্ঠানত CBC, গুৱাহাটীৰ উপ-সঞ্চালক অৰিজিৎ চক্ৰৱৰ্তীয়ে শলাগৰ শৰাই জ্ঞাপন কৰে।
উক্ত পাঁচ-দিনীয়া কাৰ্য্যসূচীত নৃত্য, নাটক, পুতলা নাচ, মত-বিনিময়, কুইজ আৰু অমৃত মহোৎসৱ বিষয়ক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত গীত আৰু নাট বিভাগৰ শিল্পীসকলে বিভিন্ন নৃত্য ৰূপ আৰু সংগীতানুষ্ঠান পৰিৱেশন কৰে। আটাইকেইদিনতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন-আন প্ৰান্তৰ জনগোষ্ঠীসমূহৰ সংস্কৃতি আৰু পৰম্পৰাক চিত্ৰিত কৰা লোকগীত আৰু লোকনৃত্য প্ৰদৰ্শনৰে সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে। ফুড ষ্টলসমূহ এই অনুষ্ঠানৰ আন এক আকৰ্ষণ। আত্ম-সহায়ক গোটসমূহে দৰ্শনাৰ্থীসকলৰ বাবে অসমৰ সুস্বাদু খাদ্যসম্ভাৰৰ ফুড ষ্টল মুকলি কৰিছে। ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই পাঁচ-দিনীয়া ফটো প্ৰদৰ্শনীখনি ২২ জানুৱাৰীলৈকে দিনৰ ১১ বজাৰপৰা নিশা ৮ বজালৈ প্ৰবেশ বিনামূলীয়া ভাৱে জনসাধাৰণৰ বাবে মুকলি থাকিব।