কাব্যঋষি নীলমণি ফুকনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে। উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ লৈ যোৱা হৈছে জ্ঞানপীঠ বঁটাৰে সন্মানিত কবিগৰাকীক। চাৰিজন চিকিৎসকৰ নিৰীক্ষণত কাব্যঋষিগৰাকী। মঙলবাৰৰ বিয়লিৰ পৰা স্বাস্থ্যৰ অৱনতি হৈছিল নীলমণি ফুকনৰ। প্ৰাৰম্ভিক অৱস্থাত তেওঁক ঘৰতেই চিকিৎসকৰ নিৰীক্ষণত আছিল।
স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বুধবাৰে সন্ধিয়া মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয় কবিগৰাকীক। মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত তেখেতৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। GMCHৰ চাৰি অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেখেতক লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।