• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চাইকেল, বাইক আৰু কাৰ ৰেলীৰে কামৰূপ মহানগৰ জিলাত পথ-সুৰক্ষা সপ্তাহৰ সফল সামৰণি

নিউজ ডেস্ক by নিউজ ডেস্ক
January 19, 2023
in সংবাদ, গুৱাহাটী, ৰাজনীতি
1 min read
0
চাইকেল, বাইক আৰু কাৰ ৰেলীৰে কামৰূপ মহানগৰ জিলাত পথ-সুৰক্ষা সপ্তাহৰ সফল সামৰণি
Share on FacebookShare on Twitter

পথ-সুৰক্ষা সপ্তাহৰ অন্তিম দিনা ৰাতিপুৱাৰে পৰা চাইকেল, বাইক আৰু কাৰ ৰেলী উলিওৱাৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা বিতৰণ, তথ্যচিত্ৰ প্ৰদৰ্শন আদিৰে কাৰ্যসূচীৰ অন্ত পেলোৱা হয়৷ এই উপলক্ষে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত বিয়লি ১ বজাত এখনি বঁটা বিতৰণী আৰু সামৰণি সভা অনুষ্ঠিত হয়৷ সহকাৰী প্ৰৱৰ্তক বিষয়া হিমাশ্ৰী দাসৰ বৰগীতেৰে আৰম্ভ হোৱা আৰু পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসে আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জিলা উপায়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ পল্লৱ গোপাল ঝাই সমাজৰ সকলো শ্ৰেণীৰ লোককে ব্যাপক সহযোগিতা আগবঢ়াই পথ-সুৰক্ষা অভিযানক জনজাগৰণ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। বিগত ৩১ ডিচেম্বৰ, পহিলা জানুৱাৰী আৰু মাঘ বিহুৰ আনন্দ উপভোগৰ মাজতো জিলাখনৰ প্ৰায় সকলো শ্ৰেণীৰ লোকে পথ-সুৰক্ষাৰ নীতি-নিয়ম মানি চলা বাবেই এজনো লোক পথ-দুৰ্ঘটনাত মৃত্যুৰ সন্মুখীন হ’বলগীয়া নহয় বুলি উল্লেখ কৰি এইক্ষেত সৰ্বসাধাৰণে জনোৱা সহযোগিতাৰ বাবে তেওঁ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

বিগত সময়ত কেইবাখনো জিলাত উপায়ুক্ত হিচাপে কাম কৰাৰ অভিজ্ঞতাতকৈ কামৰূপ মহানগৰ জিলাত কাম কৰা মধুৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি ইয়াত সকলো পৰিবহণ বিষয়া আৰু এনফৰ্চমেন্ট বাহিনী ৰাষ্টাত থাকি মানুহক সঠিকভাৱে ৰাষ্টাৰ সেৱা আগবঢ়োৱা কাৰ্যক সমজুৱাকৈ প্ৰশংসা কৰে। সেয়ে পৰিবহণ বিভাগে পথ-সুৰক্ষা সজাগতাৰ বাবে আগবঢ়োৱা সেৱাৰ মনোভাৱক জনজাগৰণৰ ৰূপ দিবলৈ তেওঁ সকলোকে আহ্বান জনায়। যানবাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত হিৰণ্য বৰ্মন সভাত উপস্থিত থাকি পথচাৰীকে ধৰি চালক, মালিক, অট’মোবাইল খণ্ড সকলোকে ঐক্যবদ্ধ প্ৰচেষ্টাত পথ-দুৰ্ঘটনা ৰোধ কৰিবলৈ আহ্বান জনায়। সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে তাহানিৰ যুদ্ধ-বিগ্ৰহতকৈয়ো সাম্প্ৰতিক পথ-দুৰ্ঘটনাত মৃত্যুৰ সংখ্যাই ভয়ংকৰ ৰূপ ধাৰন কৰা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি বিজ্ঞানৰ নিতে নতুন যান-বাহন আৱিস্কাৰৰ আশীৰ্বাদক কোনোৱে যাতে অভিশাপত পৰিনত নকৰে তাৰ বাবে সকলোকে যান-বাহন চালনাৰ নীতিনিয়ম মানি চলিবলৈ আহ্বান জনায়। আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামে সভাৰ উদেশ্য ব্যাখ্যা কৰি পথ সুৰক্ষা সপ্তাহৰ সজাগতাৰ কাৰ্যসূচীক গোটেই বছৰটোৰ বাবে এক সংকল্প হিচাপে লৈ নিজৰ লগতে আনকো সুৰক্ষিত হৈ থকাত সহযোগ কৰিবলৈ কয়৷

উল্লেখ্য যে পথ-সুৰক্ষা সপ্তাহৰ আজি সামৰণিৰ দিনা ৰাতিপুৱাৰ ভাগতে চুপাৰ মাৰ্কেটস্থিত ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পৰ পৰা দীঘলি পুখুৰীলৈকে এক চাইকেল ৰেলী আৰু বেটকুছিস্থিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা বশিষ্ট, বেলতলা, খানাপাৰা হৈ পুণৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ বাইক আৰু কাৰ ৰেলী উলিয়াই সমগ্ৰ গুৱাহাটী মহানগৰীতে পথ-সুৰক্ষাৰ ব্যাপক সজাগতা সৃষ্টি কৰা হয়৷ ইফালে চন্দ্ৰ শেখৰ দাসৰ পৰিচালনাত পথ সুৰক্ষা বিষয়ক তথ্যচিত্ৰ আৰু বাটৰ নাট পৰিবেশন কৰি “নেডফিমচ”ৰ শিল্পীসকলে পথ-সুৰক্ষাত ক’তো অকনো সুৰুঙা নথকাকৈ সজাগতা সৃষ্টিত যৎপৰোনাস্তি প্ৰচেষ্টা চলায়।

Previous Post

GMCHত চিকিৎসাধীন কাব্যঋষি নীলমণি ফুকন

Next Post

আজি নতুনকৈ ৮২৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে তৰা গোচৰ খাৰিজ

আজি নতুনকৈ ৮২৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে

কাব্যঋষি নীলমণি ফুকন আৰু নাই

কাব্যঋষি নীলমণি ফুকন আৰু নাই

২০ জানুৱাৰীৰ পৰা গুৱাহাটীত মমেন্টাম নৰ্থ ইষ্ট, ২০২৩ৰ শুভাৰম্ভ

২০ জানুৱাৰীৰ পৰা গুৱাহাটীত মমেন্টাম নৰ্থ ইষ্ট, ২০২৩ৰ শুভাৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8