মেষঃ মেষ ৰাশিৰ বাবে দিনটো শৰীৰৰ বাবে শুভ। মনৰ অশান্তিও কিছু হ্রাস পাব। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ শুভফল লাভ। শিল্পী, সাহিত্যিকৰ উন্নতি কাৰক শুভ সংযোগ হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি হ’ব। বাণিজ্য, কৰ্ম আৰু আৰ্থিক দিশত সামান্য লাভবান হ’ব।
বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভাশুভ মিশ্ৰিত কাৰক। মনৰ অশান্তি আৰু হতাশা বাঢ়িব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত অশাস্তি থাকিব। শিক্ষার্থীৰ নতুন পৰিকল্পনা বাস্তৱায়িত হোৱাৰ যোগ। সাহিত্যিক, শিল্পীৰ মনৰ উৎসাহ বৃদ্ধিৰ যোগ। কর্ম, আর্থিক আৰু ব্যবসায় বাণিজ্যত অলপ লাভৱান হ’ব পাৰিব।
মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটোত শৰীৰত জলজ আৰু বিষজ ৰোগ হ’ব পাৰে। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ কাৰক। শিক্ষার্থীর অধ্যয়নৰ ক্ষেত্ৰত চিন্তা হ’ব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ পেছাদাৰী মনোভাব বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা কাৰক। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি হ’ব।
কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অসুস্থতাৰ কাৰক হ’ব। মানসিক, পাৰিবাৰিক ক্ষেত্ৰত অশান্তি আৰু প্ৰেমত খেলিমেলি হ’ব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু শুভ কাৰক। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ কষ্টৰ মাজেৰে সফলতাৰ মুখ দেখিব। ৰাজনীতিকৰ দুশ্চিন্তা হ’ব পাৰে। আৰ্থিক, কর্মক্ষেত্ৰ আৰু বাণিজ্যত কিছু শুভ কাৰক হ’ব।
সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তি কাৰক যদিও মানসিক দিশত শুভ কাৰক। প্ৰেম-প্রীতি আৰু সাংসাৰিক দিশত শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ আত্মসন্তুষ্টি লাভৰ যোগ। সাহিত্যিক, শিল্পীৰ মনৰ অশান্তিৰ মাজতো আর্থিক উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অস্থিৰতা দেখা যায়। কর্ম, বাণিজ্য আৰু আৰ্থিক ক্ষেত্ৰত কিছু লাভৱান হ’ব।
কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক শুভ যদিও চকুৰ ৰোগ হ’ব পাৰে। মানসিক, পাৰিবাৰিক আৰু প্ৰেম-প্রীতিত শুভ কাৰক। শিক্ষার্থীয়ে উচ্চ শিক্ষাত সুনাম অর্জন কৰিব পাৰে। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ বাবে দিনটো ব্যস্ততা বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ দুশ্চিন্তা বাঢ়িব। বাণিজ্য, আর্থিক আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া হ’ব।
তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও ৰক্তচাপ আৰু চৰ্মৰ ৰোগীয়ে সাবধানে চলা ভাল। মানসিক, পাৰিবাৰিক আৰু প্ৰেম প্রীতিত মধ্যমীয়া হ’ব। বিদ্যাৰ্থীৰ পৰীক্ষাৰ প্ৰস্তুতিত শুভ কাৰক হ’ব। সাহিত্য, ক্রীড়া, সংস্কৃতি আৰু সংবাদসেৱাৰ লগত যুক্তসকলৰ সফলতাৰো যোগ দেখা যায়। কৰ্ম, ব্যৱসায় আৰু আর্থিক দিশত অলপ অসুবিধা হ’ব।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অলপ অসুস্থতা থাকিব। মানসিক ক্ষেত্ৰত অযথা চিন্তা বাঢ়িব। প্রেম-প্রীতি আৰু সাংসাৰিকত দুশ্চিন্তা হ’ব পাৰে। শিক্ষাৰ্থীৰ মনৰ অশান্তি হ’ব পাৰে। সাহিত্য-সংস্কৃতি আৰু সমাজ কৰ্মৰ লগত যুক্তসকল লাভৱান হ’ব। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য উন্নতি হ’ব।
ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সু-স্বাস্থ্যৰ যোগ। মানসিক, পাৰিবাৰিক আৰু প্ৰেম-প্রীতিত শুভ কাৰক হ’ব। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিত জড়িত লোকৰ সমস্যা বাঢ়িল। ৰাজনৈতিক ব্যক্তিৰো অশান্তি হ’ব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত বাধাৰ মাজতো সামান্য লাভৰ যোগ।
মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভ। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিক দিশত অলপ অশাস্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত অশান্তি হ’ব পাৰে। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ দুশ্চিন্তা বৃদ্ধিৰ যোগ। ৰাজনীতিকৰো কৰ্মক্ষেত্ৰত অশান্তি হ’ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু লাভৰ যোগ।
কুম্ভঃ কুম্ভ ৰাশিৰ আজি দুপৰীয়ালৈকে শাৰীৰিক আৰু মানসিক উভয়তে অশান্তি বৃদ্ধি হ’ব পাৰে। পিচলৈ শুভ কাৰক। প্ৰেম আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি আৰু মূৰৰ বিষ হ’ব পাৰে। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ শুভ যদিও চিন্তা বৃদ্ধিৰ কাৰক। ৰাজনীতিকে সফলতা লাভ কৰাৰ যোগ। কৰ্ম-বাণিজ্য আৰু আৰ্থিক দিশত কিছু লাভৰ যোগ।
মীনঃ মীন ৰাশিৰ আজি দুপৰীয়ালৈ শৰীৰৰ শুভ যদিও পিচলৈ অশান্তি হ’ব পাৰে। মনৰ অশান্তি বৃদ্ধিৰ যোগ। প্ৰেম-প্ৰীতি আৰু সাংসাৰিক দিশত মধ্যমীয়া৷ বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত বাধাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ।