বিশ্ব পৰিবেশ দিৱস উপলক্ষে সোমবাৰে গুৱাহাটী বিমানকোঠত গ্ৰাউণ্ড-হেণ্ডলিং কাৰ্য্যকলাপৰ বাবে নিজৰ ইলেক্ট্ৰিক ভেহিকেল (ইভি) টাগ ষ্টেশ্যনৰ শুভ উদ্বোধন কৰে মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। অনুষ্ঠানত কেন্দ্ৰীয় ক্ষেত্ৰীয় বল আৰু বিমানকোঠৰ বহু জেষ্ঠ প্ৰতিনিধি লগতে ইণ্ডিগো বিমানসেৱাৰ গুৱাহাটীৰ কাৰ্যবাহী মেনেজাৰ জয়দীপ ডাঙৰীয়াইও অংশগ্ৰহণ কৰে। গতানুগতিক বাহনসমূহক ইভিৰ দিশত সলনিকৰা এই উল্লেখযোগ্য পদক্ষেপে গুৱাহাটী বিমানকোঠত নেট জিৰ’ নিৰ্গমন লাভ আৰু কাৰ্বন নিৰপেক্ষ হোৱাৰ দায়বদ্ধতাক এক ফলপ্ৰসু ফলাফল দিবলৈ সক্ষম হৈছে। বৈদ্যুতিক পৰিবহণক ইলেক্ট্ৰিকলৈ দিশা সলনি কৰি বিমানকোঠটিৱে অধিক বহনক্ষম পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্য স্থিৰ কৰিছে।
উদ্বোধনী ভাষণত বৰুৱাই কয় “এয়া এক নতুন যুগৰ আৰম্ভণি। চৰকাৰে আমাৰ বিমানকোঠ সমূহত জীৱাশ্ম ইন্ধনদি চলোৱা সকলো বাহন কম সময়ৰ ভিতৰতে ইলেক্ট্ৰিক টাগ ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিছে। অহা বছৰৰ শেষৰ ফালে এই নিৰ্দেশনা (২০২৪) কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে আৰু আগন্তুক দিনত উদ্বোধন হবলৈ আহি থকা নতুন টাৰ্মিনেল ভৱনটো বৈদ্যুতিক বাহনৰ ১০০% ব্যৱহাৰ কৰা হব। পৰিৱেশৰ প্ৰতি সজাগতা কেৱল আমি মাজে-সময়ে উদযাপন কৰিয়েই ইতি পেলাব নোৱাৰো বৰঞ্চ ইয়াক আমি এক জীৱন-ধাৰণৰ পদ্ধতি হিচাপে গ্ৰহণ কৰিব লাগিব।” লগতে তেখেতে এই পৰিৱৰ্তনৰ পথ প্ৰদৰ্শক হোৱাৰ বাবে ইণ্ডিগোৰ সহযোগী সঞ্চালক জয়দীপ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু সকলোকে এই সেৱাক ব্যবহাৰ কৰি আগন্তুক প্ৰজন্মৰ বাবে এখন উন্নত পৃথিৱী নিশ্চিত কৰিবলৈ আহ্বান জনায়।
তাৰোপৰি, বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতী ৰাখি, বিমানকোঠৰ চৌহদত ৪০০ৰো অধিক গছ ৰোপণ কৰা হয়। পৰিবেশ দিৱসৰ সজাগতা বৃদ্ধিৰ বাবে বিমানকোঠৰ শিক্ষানুষ্ঠানতো শিশুসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। সৰু-সৰু কনমানি হঁতে পৰিৱেশৰ ওপৰত সুন্দৰ ভাষণ প্ৰদান কৰে। প্ৰতিযোগীসকলক বটা বিতৰণো কৰা হয়।