পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক হত্যাকাণ্ড।গুৱাহাটীৰ জালুকবাৰীৰ কাঠিয়াদলঙত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। বাথৰুমৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। আৰক্ষীয়ে সন্দেহ কৰা মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। ইয়াৰোপৰি সন্দেহ কৰা হৈছে কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰি এইদৰে হত্যা কৰিলে যুৱতীগৰাকীক।
অৱশ্যে এতিয়াও এয়া নিশ্চিত নহয়। আৰক্ষীৰ সঠিক তদন্ততহে ঘটনাৰ সবিশেষ প্ৰকাশ পাব। ঘটনাস্থলীত নিশাই জালুকবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে। আনহাতে আৰম্ভ কৰিছে তদন্ত।