গুৱাহাটীঃ মহানগৰীত দিনে দিনে বৃদ্ধি পোৱা ক’ৰোনাৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ অধীনত ৫১টা বিভাগৰ কাম-কাজ বন্ধ কৰাৰ ঘোষণা কৰা হৈছে৷ জনতা ভৱনৰ এই বিভাগসমূহ কাইলৈৰ পৰা অহা ১২ জুলাই পৰ্যন্ত বন্ধ থাকিব৷ জনতা ভৱনত অতি জৰুৰী মাত্ৰ ৭টা বিভাগৰ বাদে আন ৫১টা বিভাগ বন্ধ কৰি ৰখাৰ সিদ্ধান্ত লোৱা হৈছে৷ আনহাতে মুকলি থকা বিভাগ কেইটাতো প্ৰয়োজনসংখ্যক কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব বুলি জাননী জাৰি কৰা হৈছে৷ মুকলি ৰাখিবলগীয়া বিভাগ কেইটা হ’ল গৃহ আৰু ৰাজনৈতিক বিভাগ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, সাধাৰণ প্ৰশাসন, সচিবালয় প্ৰশাসন, খাজ্য আৰু অসামৰিক যোগান, স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগ আৰু বিত্ত বিভাগ৷
অৱশ্যে অতি জৰুৰী বিভাগকেইটাৰ লগতে মুখ্যমন্ত্রী, মন্ত্রীসকলৰ লগতে মুখ্য সচিবৰ কার্যালয় এই সময়ছোৱাত সীমিতসংখ্যক কর্মচাৰীৰ উপস্থিতিৰে চলি থাকিব৷