নেচনেল ডেস্কঃ যিসময়ত ক’ৰোনাৰ বিৰুদ্ধে সমগ্ৰ দেশে যুদ্ধত নামি পৰিছে, স্বাস্থ্যকৰ্মী, আৰক্ষী আদিকে ধৰি সন্মুখৰ শাৰীৰ ক’ৰোনা যোদ্ধাই নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিজৰ কৰ্তব্য পালনত ব্যস্ত হৈ পৰিছে সেই সময়তে আহমেদাবাদৰ এগৰাকী মহিলা আৰক্ষী উপ-পৰিদৰ্শকৰ কৃত কৰ্মই সকলোৰে চকু কপালত উঠাইছে৷
মহিলা আৰক্ষী গৰাকীৰ নাম হ’ল শ্বেতা জাদেজা৷ আৰক্ষী গৰাকীয়ে এজন ধৰ্ষণকাৰীক ৰক্ষা কৰিবলৈ গৈ নিজেই এতিয়া ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে৷ ধৰ্ষণকাৰীজনৰ পৰা ৩৫ লাখ টকা বিচাৰিছিল শ্বেতা জাদেজাই৷ সেই হিচাপত কিস্তি হিচাপত প্ৰথম ২০ লাখ টকা আগধন হিচাপে লোৱাৰ পিছত দ্বিতীয় কিস্তিত ১৫ লাখ টকা ল’বলৈ যোৱাৰ মুহূৰ্ততে গ্ৰেপ্তাৰ হ’বলগীয়া হয় আৰক্ষীগৰাকী৷