নিউজ ডেস্কঃ ২০২০ বৰ্ষটোৰ কেৱল ছটা মাহহে পূৰ্ণ হৈছে৷ এই সময়ছোৱাত আমি তৃতীয় বিশ্বযুদ্ধৰ আশংকাৰ পৰা আৰম্ভ কৰি বিভীষিকাময় মহামাৰীৰ সংহাৰীৰূপ, সকলোখিনি প্ৰত্যক্ষ কৰিছো৷ আমি বৰ্তমানেও এই মহামাৰীৰ সৈতে যুঁজি থকাৰ সময়তে চীনৰ পৰা আৰু নতুন নতুন ৰোগ বাহিৰলৈ অহা প্ৰত্যক্ষ হৈছে৷
প্ৰকাশ হোৱা এক নতুন প্ৰতিবেদন অনুসৰি উত্তৰ চীনৰ এখন চহৰত বুব’নিক প্লেগৰ এক সন্দেহজনক পৰিঘটনা দেখিবলৈ পোৱা গৈছে৷ এই সন্দেহজনক পৰিঘটনাৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিছিল বায়ান্নুৰৰ চিকিৎসালয় এখনে৷
স্থানীয় স্বাস্থ্য প্ৰাধিকৰণে এই পৰিঘটনাৰ নিশ্চিতি প্ৰদান কৰি কৈছে যে ইয়াৰ জৰিয়তে মানৱ প্লেগো সম্প্ৰসাৰিত হোৱাৰ আশংকা আছে৷
চলিত মাহৰ প্ৰথমভাগতে দুজন লোক এই ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছিল৷ দুয়োগৰাকী আছিল ককাই-ভাই আৰু দুয়োকে পৃথক পৃথক চিকিৎসালয়ত চিকিৎসা কৰোৱা হৈছিল৷ দুয়োগৰাকী ভাতৃয়ে ক্ৰমাগতভাৱে মাৰ্মট (এবিধ চিকাজাতীয় প্ৰাণী) ভক্ষণ কৰিছিল৷
লোক দুজনৰ সংস্পৰ্শলৈ অহা ১৪৬জন ব্যক্তিক আচুতীয়াকৈ ৰখা হৈছে৷ বুব’নিক প্লেগ হ’ল এবিধ বেক্টেৰিয়েল ৰোগ যি মাৰ্মটৰ দৰে প্ৰাণীৰ দেহত বাস কৰা মাখিৰ জৰিয়তে বিয়পে৷ উপযুক্ত সময়ত চিকিৎসা লাভ নকৰিলে ২৪ ঘণ্টাৰ ভিতৰতে এজন ব্যক্তিৰ মৃত্যু ঘটিব পাৰে৷
এতিয়া সৰ্বত্ৰ উদ্বেগ উত্থাপিত হৈছে যে ক’ভিড-১৯ৰ দৰে প্ৰাণঘাতী ৰোগ এটাৰ সৈতে যুঁজি থকাৰ মুহূৰ্ততে আমি সঁচাকৈয়ে আন এটা মহামাৰীৰ বোজা বহন কৰিবলৈ সক্ষম হ’ম নে?
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট