গুৱাহাটীঃ মানসম্পন্ন প্ৰক্ৰিয়া অনুসৰি এজন ব্যক্তিৰ দুবাৰকৈ ক’ভিড-১৯ৰ নিগেটিভ ফলাফল অহাৰ পিছতহে তেওঁক মুকলি কৰি দিয়া হয়৷
বৰ্তমানে ৰোগীসকলে এণ্টিজেন আৰু আৰটি-পিচিআৰ শীৰ্ষক দুটা পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এণ্টিজেনৰ ফলাফল অতি কম সময়ৰ ভিতৰতে প্ৰকাশ পোৱাৰ বিপৰীতে আৰটি-পিচিআৰৰ ফলাফল ৩-৪ দিনৰ ভিতৰত প্ৰকাশ পায়৷
কিন্তু হেডলাইন৮ক অৱগত কৰা তথ্য অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক, চিকিৎসালয়ৰ কৰ্মী আৰু সাধাৰণ জনতাক কেৱল এণ্টিজেন পৰীক্ষা কৰিয়েই চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে৷ তেওঁলোকৰ আৰটি-পিচিআৰ পৰীক্ষণ সম্পন্ন কৰাই হোৱা নাই৷
উৎস অনুসৰি জিএমচিএইচৰ কিছুমান চিকিৎসকক আৰটি-পিচিআৰ পৰীক্ষাৰ ফলাফল পজিটিভ ওলোৱাৰ পিছতো মুকলি কৰি দিয়া হৈছে৷ সেই চিকিৎসকসকলৰ কিন্তু এণ্টিজেন পৰীক্ষাত ফলাফল নিগেটিভ ওলাইছিল৷
জিএমচিএইচৰ ভাইৰ’ল’জী বিভাগে এই পৰীক্ষণৰ ফলাফল প্ৰকাশ কৰিছে৷
গুৱাহাটী মহানগৰীত দ্ৰুত গতিত বৃদ্ধি পোৱা ক’ৰোনা পজিটিভ ৰোগীৰ প্ৰধান কাৰণ এয়াই নেকি বুলি সচেতন মহলে প্ৰশ্ন কৰিছে৷