অসমঃ অসমৰ মুখ্য সচিব কুমাৰ কুমাৰ সঞ্জয় কৃষ্ণই ১১ জুলাই ২০২০ তাৰিখে জাৰি কৰা চৰকাৰী নিৰ্দেশনাত আংশিকভাৱে কিছু পৰিৱৰ্তন কৰিছে৷
এই নতুুন পৰিৱৰ্তন অনুসৰি নিম্নোক্ত গতিবিধিসমূহত অনুমতি প্ৰদান কৰা হৈছেঃ
- খাদ্য শস্য সম্বন্ধীয় ভাৰতীয় খাদ্য নিগমৰ গতিবিধিসমূহত অনুমতি প্ৰদান কৰা হৈছে যদিও কৰ্মচাৰীৰ সংখ্যা অতিশয় কম কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰা হৈছে৷
- পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ কুৰিয়াৰ আৰু ই-কমাৰ্চ সেৱাৰ অনুমতি প্ৰদান কৰা হৈছে৷ অৱশ্যে সোমবাৰৰ পৰা শুকুৰবাৰলৈহে এই গতিবিধিক অনুমতি প্ৰদান কৰা হৈছে৷
- সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ ঘৰে-ঘৰে হাঁহ-কুকুৰাৰ মাংস যোগানৰ বাবে অনুমতি প্ৰদান কৰা হৈছে৷
অন্যান্য নিষেধাজ্ঞা বাহাল থকা গতিবিধিসমূহত পূৰ্বৰ দৰে নিষেধাজ্ঞা বাহাল থকিব বুলি জনোৱা হৈছে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট