নিউজ ডেস্কঃ ভাৰতীয় ৰে’লৱেত প্ৰযোজ্য কৰা নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা স্বেচ্ছামূলক অৱসৰ লোৱা ৰে’লৱে কৰ্মচাৰীৰ সন্তানে নাপাব পিতৃ অথবা মাতৃৰ চাকৰি। ভাৰতীয় ৰে’লত কৰ্মৰত কোনো কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত সন্তানে ভাৰতীয় ৰে’লত চাকৰি লাভ কৰাৰ নিয়ম ৰে’লৱে ব’ৰ্ডে বাতিল কৰিছে।ৰে’লৱেৰ সূত্ৰই জানিবলৈ দিয়া অনসুৰি ৰে’লৱেৰ চাকৰি প্ৰাৰ্থীয়ে পূৰ্ব নিয়মৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হোৱাত আদালতে সেই নিয়ম খাৰিজ কৰিবলৈ নিৰ্দেশ দিছিল।ইতিমধ্যে আদালতৰ নিৰ্দেশৰ ভিত্তিতে পুৰণি নিয়ম বাতিল কৰি নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে।
উল্লেখযোগ্য যে,নতুন নিয়ম অনুসৰি স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীয়ে ৬০বছৰ পৰ্যন্ত অর্ধেক বেতন আৰু ৰে’লৰ বিনামূলীয়া ভ্ৰমণৰ সুবিধা সম্পূৰ্ণভাৱে লাভ কৰিব।
চিত্ৰৰ উৎসঃ টুইটাৰ