নিউজ ডেস্কঃ ১৪ এপ্ৰিল ২০১৮ তাৰিখে মুকলি হোৱা প্ৰধানমন্ত্ৰী বন ধন যোজনা অথবা বন ধন আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে অধীনত কেন্দ্ৰীয় পৰ্যায়ত আৰু ট্ৰাইফেড হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত নডেল এজেন্সী হিচাপে মুকলি কৰিছিল৷ এই আঁচনি দেশৰ জনজাতি লোকসকলৰ আৰ্থ-সামাজিক বিকাশৰ মাষ্টাৰ প্লেন হিচাপে হিচাপে বিবেচিত হৈছে৷
অসমৰ ট্ৰাইফেডে ১৩খন জিলা সামৰি এই আঁচনিৰ অধীনত ৫০ খন বন ধন বিকাশ কেন্দ্ৰৰ অনুমোদন জনাইছে৷ অসমৰ সমতলীয় জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ে ৰাজ্যিক ন’ডেল এজেন্সী হিচাপত আৰু অসম সমতলীয় জনজাতি বিকাশ ক’ৰ্প’ৰেচন লিমিটেডে অসমত উক্ত আঁচনিসমূহ প্ৰণয়ন কৰি আছে৷ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (আইআইই), গুৱাহাটী, দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়, ভাৰত চৰকাৰে এই আঁচনিসমূহৰ সফল ৰূপায়নৰ বাবে কাৰিকৰী সমৰ্থন আগবঢ়াইছে৷
এই আঁচনিৰ পৰা দৃষ্টিকোণৰ পৰা এঢাপ আগুৱাই গৈ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে নিৰৱচ্চিন্নভাৱে ৰাজ্যখনৰ জনজাতি সম্প্ৰদায়ে যাতে অসমত গুণগতমানৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সুবিধা লাভ কৰিব পাৰে তাৰে নিশ্চিতিৰ দিশত অগ্ৰসৰ হৈছে৷ বনজ সম্পদসমূহ মূল্য সংযোজনৰ দ্বাৰা বজাৰমুখী তথা ইয়াক জীৱিকা নিৰ্বাহৰ বাবে ব্যৱহাৰ কৰিব পাৰি সেয়া আইআইইয়ে ভালদৰেই অনুধাৱন কৰিছে৷ আইআইইয়ে অসমৰ গোৱালপাৰা জিলাৰ ধনুভাংগাত ‘ক্ষুদ্ৰ বনজাত সামগ্ৰী (এমএফপি)- মূল্য সংযোজিত প্ৰশিক্ষণ কাৰ্যসূচী’ শীৰ্ষক এক প্ৰশিক্ষণৰ প্ৰথম পৰ্যায়ৰ সমাপন কৰিছে৷ ২২ ছেপ্টেম্বৰ ২০২০ৰ পৰা আৰম্ভ হোৱা এই চাৰিদিনীয়া কাৰ্যসূচীত অসমৰ বড়ো আৰু ৰাভা জনজাতি সম্প্ৰদায়কে ধৰি ৩০টা জনজাতিৰ হিতাধিকাৰীক প্ৰতিনিধিত্ব কৰা হৈছে৷ এই জনজাতীয় লোকসকল ঘাইকৈ বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল আৰু তেওঁলোকে স্থানীয়ভাৱে উপলব্ধ বনজ সামগ্ৰী থলুৱা বজাৰত বিক্ৰী কৰে৷
আইআইইয়ে এই হিতাধিকাৰীসকলৰ পৰা বিক্ৰী নোযোৱা সম্পদসমূহ যেনে ‘কঠালৰ বীজ’ আৰু ‘জহা ধান’ ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰাত সহায় কৰিছে৷ কঠালৰ বীজসমূহ অসমৰ যিকোনো স্থানত সহজে উপলব্ধ৷ এমএছপিৰ জৰিয়তে এই প্ৰতিষ্ঠানে ক’ভিড-১৯ৰ এই সংকটময় সময়ছোৱাত জনজাতীয় লোকসকলক বজাৰৰ সুবিধা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে৷ এই পৰ্যন্ত প্ৰতিষ্ঠানটোৱে কেৱল ধনুভাংগাতেই ১৬৫ কিলো জহা চাউল আৰু ১৫১ কিলো কঠালৰ বীজত মূল্য সংযোজিত কৰিবলৈ সক্ষম হৈছে৷ উৎপাদিত সামগ্ৰীসমূহ ‘‘ট্ৰাইছাম’’ শীৰ্ষক এক ব্ৰেণ্ডৰ অধীনত পেকেট কৰা হৈছে৷ প্ৰতিষ্ঠানটোৱে পৰৱৰ্তী প্ৰশিক্ষণ কাৰ্যসূচীত ‘ক’লা চাউল’, ‘ভোট জলকীয়া’, ‘বন মৌ’, ‘ক’লা জালুক’, ‘জহা চাউল’, ‘কঠালৰ বীজ’, ‘শুকান অয়েষ্টাৰ কাঠফুলা’ ইত্যাদিত মূল্য সংযোজন কৰাৰ দিশত অগ্ৰসৰ হ’ব বুলি জানিবলৈ দিছে৷