বিজেপিৰ টীম নাড্ডাত স্থান নাপালে আৰএছএছৰ আশীষধন্য ৰাম মাধৱে
ৰাম মাধৱৰ লগতে একাধিক জ্যেষ্ঠ নেতায়ো এইবাৰৰ বিজেপিৰ ৰাষ্ট্ৰীয় কমিটিত স্থান পোৱা নাই।
বিজেপিৰ উত্তৰ-পূৱৰ দায়িত্বত থকা ৰাম মাধৱে ৰাষ্ট্ৰীয় কমিটিত স্থান লাভ নকৰাৰ ক্ষেত্ৰত কিন্তু কেবাটাও জটিল আৰু গুৰুত্বপূৰ্ণ বিষয় নিহিত হৈ আছে।
যদিওবা বিভিন্ন সংবাদ মাধ্যমত আৰু বিজেপিৰ শীৰ্ষমহলত থকা আমাৰ সূত্ৰই আমাক জনাইছে যে জম্মু কাশ্মীৰ আৰু লাডাখত বিজেপিৰ ভেটি শক্তিশালী কৰাৰ সুবাদত ৰাম মাধৱক ৰাজ্যসভালৈ নি মন্ত্ৰীত্বৰে পুৰস্কৃত কৰা হ’ব, কিন্তু অমিত শ্বাহ, নৰেন্দ্ৰ মোদী আৰু জে পি নাড্ডা তিনিওৰে গুড বুকত নাম ভৰাব নোৱাৰাৰ বাবে পাখি কটা হ’ল মাধৱৰ।
কিন্তু আমি আজি আন এক বিষয় আপোনালোকৰ মাজত দাঙি ধৰিবলৈ বিচাৰিছো, যিয়ে প্ৰকৃততে ৰাম মাধৱক কমিটিৰ পৰা উলিয়াই দিলীপ শইকীয়াৰ দৰে তুলনামূলকভাৱে কনিষ্ঠ ৰাজনীতিবিদক ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব দিলে।
প্ৰথম বিষয় – নেডা
দ্বিতীয় বিষয় – হিমন্ত বিশ্ব শৰ্মা
তৃতীয় বিষয় – মণিপুৰ চৰকাৰ ভাঙিব ধৰা সেই বিশেষ ঘটনাটো
চতুৰ্থ বিষয় – বিএল সন্তোষৰ অসম ভ্ৰমণ আৰু অলপতে অমিত শ্বাহৰে হিমন্ত বিশ্বৰ বৈঠকৰ পিছতে পুনৰ বি এল সন্তোষক হিমন্ত বিশ্বৰ সাক্ষাৎ
পঞ্চম বিষয় – ৰাম মাধৱৰ দ্বাৰা অসমত পৰৱৰ্তী নেতৃত্ব হিচাপে সৰ্বানন্দ সোণোৱালৰ নাম উচ্চাৰণ
আমি আটাইকেইটা বিষয় আজি আপোনালোকৰ সমূখত ফঁহিয়াই দেখুৱাবলৈ বিচাৰিছো –
নেডাৰ উদ্দেশ্য আৰু লক্ষ্য কি আছিল? উত্তৰ-পূৱত বিজেপি আৰু বিজেপি সমৰ্থিত দলবোৰৰ ভেটি শক্তিশালী কৰা। তেনে পৰিস্থিতিত আঠখনকৈ ৰাজ্যৰ দায়িত্ব নেডাৰ হাতত অৰ্পণ কৰাৰ পিছত অতিৰিক্তকৈ উত্তৰ-পূৱৰ দায়িত্ব আন এগৰাকী জ্যেষ্ঠ নেতাৰ হাতত দিয়াটো তেনেই অবান্তৰ। ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষই নেডাৰো অধ্যক্ষ। গতিকে ২০১৬ চনত নেডা গঠন হোৱাৰে পৰা ৰাম মাধৱে বহন কৰি থকা পদটোৰ গুৰুত্ব নাছিল। কাৰ্যতঃ উত্তৰ-পূৱৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হ’ল ৰাম মাধৱক।
এইবাৰ আহো দ্বিতীয়টো বিষয় হিমন্ত বিশ্ব শৰ্মালৈ।
বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ নৱৰত্ন ৰাজনীতিবিদৰ অন্যতম আৰু তুৰুপৰ পাতখ্যাত হিমন্ত বিশ্ব শৰ্মাই নেডাৰ আহ্বায়ক হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পিছৰে পৰা উত্তৰ-পূৱত বিজেপিৰ ভেটি শক্তিশালী হৈছে। এনে পৰিপ্ৰেক্ষিতত ৰাম মাধৱে উত্তৰ-পূৱ বিজেপিৰ দায়িত্ব গ্ৰহণ কৰাৰে পৰা দুয়োগৰাকী নেতাৰ মাজত এক শীতল যুঁজ সকলোৰে মাজত পৰিচিত আছিল। ইয়াকে লৈ হিমন্তপন্থী আৰু ৰাম মাধৱপন্থী বুলি উত্তৰ-পূৱ বিজেপিতেই দুটা ফৈদৰ আৰম্ভণি হোৱাৰ উপক্ৰম হৈছিল। যাৰ বাবেই আৰএছএছৰ আশীৰ্বাদপুষ্ট হোৱা সত্ত্বেও একমাত্ৰ অমিত শ্বাহৰ হস্তক্ষেপত হিমন্ত বিশ্ব শৰ্মাৰ হাততে উত্তৰ-পূৱ বিজেপিৰ দায়িত্ব ন্যস্ত ৰাখি ৰাম মাধৱক দায়িত্বৰ পৰা অব্যাহতি দিয়া হ’ল।
তৃতীয়টো বিষয়, যিটোৱে ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ এক বৃহৎ তফাৎ অমিত শ্বাহ তথা দলীয় নেতৃত্বৰ মাজত জলজল পটপট কৰি দেখুৱাইছিল। এন বীৰেন সিং নেতৃত্বাধীন মণিপুৰ চৰকাৰৰ চাৰিগৰাকীকৈ বিধায়কে হঠাৎ পদত্যাগ কৰি চৰকাৰ ভাঙি দিয়াৰ এক পৰিৱেশ সৃষ্টি কৰিছিল। ৰাম মাধৱপন্থী বুলি সকলোৱে জনা এন বীৰেন সিংৰ এনে এক অনাহুত পৰিস্থিতিত হঠাতে মণিপুৰত পদাৰ্পণ কৰে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা। অসমত ক’ৰোনা সংগ্ৰামত সমূখৰ পৰা নেতৃত্ব দি থকাৰ সময়তে নিশাটোৰ ভিতৰতে মণিপুৰৰ পৰা চাৰ্টাৰ্ড বিমানেৰে চাৰিওগৰাকী বিধায়কক নতুন দিল্লীলৈ লৈ যায় ড. শৰ্মাই। অমিত শ্বাহৰ সৈতে সাক্ষাৎ কৰোৱাই এনে এক বৃহৎ সমস্যা ২৪ ঘণ্টাৰ ভিতৰতে সমাধান কৰায় ড. শৰ্মাই। এয়া আছিল ৰাম মাধৱৰ কাৰ্যকালৰ আন এক ব্যৰ্থতা। যিয়েই ৰাম মাধৱক উত্তৰ-পূৱৰ পৰা বিদায় দি হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ দিলীপ শইকীয়াক অসমৰ দায়িত্ব দিয়াৰ প্ৰক্ৰিয়াটো সহজ কৰি তোলে।
ইয়াৰ পিছকে আহে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বিএল সন্তোষৰ অসম ভ্ৰমণ আৰু অলপতে অমিত শ্বাহৰে হিমন্ত বিশ্বৰ বৈঠকৰ পিছতে পুনৰ বি এল সন্তোষক হিমন্ত বিশ্বৰ সাক্ষাৎ। সন্তোষৰ অসম ভ্ৰমণ আৰু হিমন্ত বিশ্বৰ দিল্লী ভ্ৰমণে ৰাম মাধৱৰ প্ৰস্থান প্ৰায় নিশ্চিত কৰি পেলাইছিল। উত্তৰ-পূৱ বিজেপিত উলম্ব বিভাজন ৰোধ কৰিবলৈকে যে বি এল সন্তোষৰ আগমণ আছিল সেয়া ইতিমধ্যেই নিশ্চিত হৈ পৰিছে।
সৌ-সিদিনা গুৱাহাটীলৈ আহিয়েই ৰাম মাধৱে ঘোষণা কৰিলে যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্যত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব। উত্তৰ-পূৱৰ দায়িত্বত থকা ৰাম মাধৱৰ এনে ঘোষণাই স্বাভাৱিকতে বিজেপিৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীত্ব বিষয়টো প্ৰাসঙ্গিক কৰি তুলিলে। হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ নাম মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে চৰ্চা হৈ থকাৰ সময়তে পুনৰ মাধৱপন্থী বুলি চৰ্চিত সৰ্বানন্দ সোণোৱালৰ নাম উল্লেখ কৰি অসম বিজেপিতো বিভাজন অনাৰ উপক্ৰম ঘটাইছিল এইগৰাকী ৰাম মাধৱে।
অসম নিৰ্বাচন যিহেতু সমাগত, এনে পৰিস্থিতিত উত্তৰ-পূৱৰ লেখীয়াকৈ অসম বিজেপিতো বিভাজন অহাৰ শংকা কৰিয়েই ৰাম মাধৱক তৎকালীনভাৱে সংশ্লিষ্ট দায়িত্বৰ পৰা আঁতৰ কৰা হৈছে।
অন্তিমটো বিষয়, ইণ্ডিয়া ফাউণ্ডেশ্যন। আপুনি এতিয়া ভাবিছে যে কি এই ফাউণ্ডেশ্যন। ৰাম মাধৱ আৰু উত্তৰ-পূৱৰ ৰাজনীতিৰ সৈতে এই ব্যক্তিগত প্ৰতিষ্ঠানটোৰ কি সম্পৰ্ক। এই ফাউণ্ডেশ্যনৰ শীৰ্ষ পদবীধাৰীজনেই হৈছে ৰাম মাধৱ আৰু অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশত বিজেপিৰ জয়লাভত আছিল এই ৰাজনৈতিক বিশ্লেষক প্ৰতিষ্ঠানটোৰ গুৰুত্বপূৰ্ণ ভুমিকা। এতিয়াও অসমৰ বাহিৰে উত্তৰ-পূৱৰ বাকীকেইখন ৰাজ্যৰ ৰাজনৈতিক পৰামৰ্শদাতা, মুখ্যমন্ত্ৰীৰ বিশেষ দায়িত্ববাহী বিষয়া এই সকলোবোৰ পদতেই নিযুক্ত হৈ আছে ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সদস্য। শেহতীয়াকৈ সম্পূৰ্ণ ব্যক্তিস্বাৰ্থ নিহিত হৈ থকা বিষয়টো বিজেপিৰ শীৰ্ষ নেতৃত্বৰ দৃষ্টিগোচৰ হোৱাৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰো ৰোষত পৰে ৰাম মাধৱ।