নিউজ ডেস্কঃ ‘আলফা আৰু চৰকাৰৰ শান্তি আলোচনাৰ প্রতি বিশ্বাস থকাৰ বাবেই এটা সময়ত যুদ্ধবিৰত গোটৰ সৈতে চামিল হৈ আলোচনা প্রক্রিয়াত ভাগ লৈছিলো৷ আলফা-চৰকাৰৰ আলোচনাক চৰকাৰে যেনেদৰে গুৰুত্ব দিব লাগিছিল সেইদৰে দিয়া নাই৷ আলফা-চৰকাৰৰ আলোচনা বিফল হোৱাৰ দিশে গতি কৰিছে৷
মোৰ এতিয়া এই বিশ্বাস ভংগ হ’বলৈ ধৰিছে৷’– এইদৰে আক্ষেপ কৰে আলফাৰ নেতা মৃণাল শইকীয়াই৷ আজি কাকপথাৰলৈ অহাৰ সময়ত সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এইদৰে আক্ষেপ প্রকাশ কৰি আলফাৰ নেতা মৃণাল হাজৰিকাই কয় যে আলফা-চৰকাৰৰ আলোচনাত যিদৰে গতি লাভ কৰিব লাগিছিল, সেইদৰে নহৈ আলোচনা শব্দটো গুৰুত্বহীন কৰি তুলিছে৷
আলফাৰ দাবী সম্পর্কত কোনো আলোচনা নকৰি আলফা-চৰকাৰৰ আলোচনা প্রক্রিয়া এটা নামমাত্র প্রক্রিয়া হোৱাৰ দিশে গতি কৰা বুলিও আলফাৰ নেতাজনে সদৰী কৰে৷ আনহাতে আলফা স্বাধীন সম্পর্কত মতামত বিচৰাত তেওঁ কয়, ‘সাম্প্রতিক সময়ত খিলঞ্জীয়াক সুৰক্ষিত কৰি ৰখাৰ স্বার্থত সশস্ত্র সংগ্রামৰ প্রয়োজনীয়তা নথকা নহয়৷ সশস্ত্র বিপ্লৱেও খিলঞ্জীয়াক সুৰক্ষিত কৰিব পৰাৰ যথেষ্ট থল আছে৷ সশস্ত্র সংগ্রাম, সু-সংঘবদ্ধ, সু-শৃংখলিত আৰু সু-সংগঠিত হ’ব লাগে’ বুলিও তেওঁ সদৰী কৰে৷