দুলীয়াজানত আছুৰ প্ৰতিনিধি সভাৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত হৈ কণ্ঠশিল্পী মানস ৰবীনে আৱেগিক হৈ ক’লে যে এতিয়া তেওঁ দোমোজাত পৰিছে ; কিয়নো তেওঁক লগ পালেই ৰাইজে সোধে, আগন্তুক নিৰ্বাচনত তেওঁ কোনটো ৰাজনৈতিক দলত যোগদান কৰি প্ৰতিদ্বন্ধিতা আগবঢ়াব ৷ আকৌ তেওঁ এই বুলিও ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হৈছে যে – অসমত নতুনকৈ গঠন হোৱা আঞ্চলিক দল ৰাইজৰ দলত যোগদান কৰিবনে, এজেপিত যোগদান কৰিব ?
‘‘২৫ বছৰে নাট-গান , চিনেমা কৰি কটালো , কা আন্দোলনক ৰাইজে দুমাহতে ইতিসাহ কৰিলে ৷ জাতিৰ বাবেহে ওলাই আহিছিলো আৰু লগতে নিজৰ বাবেও ৷ আজি কালি এইবোৰ কথা সামাজিক মাধ্যমত ক’ব নোৱাৰি, কুকুৰ-মেকুৰী বুলি গালি-গালাজ দিয়ে৷
সদৌ শেষত তেওঁ এই বুলিও মন্তব্য কৰে যে অসমীয়াৰ বিপদৰ সময়ত আছু সদায় লগত আছে আৰু অসমৰ বাবে দেৱালৰ দৰে থিয় হৈ থাকিব ৷