• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গৱেষণাই এটা জাতিৰ সামাজিক পুঁজিলৈ অৰিহণা যোগায়ঃ অধ্যাপক যোশী

নিউজ ডেস্ক by নিউজ ডেস্ক
September 24, 2022
in শিক্ষা, অসম, সংবাদ
1 min read
0
গৱেষণাই এটা জাতিৰ সামাজিক পুঁজিলৈ অৰিহণা যোগায়ঃ অধ্যাপক যোশী
Share on FacebookShare on Twitter

বিশ্ববিদ্যালয়সমূহৰ প্ৰাথমিক দায়িত্ব হৈছে গুণগত মান আৰু অত্যাধুনিক গৱেষণাৰ জৰিয়তে নতুন জ্ঞান সৃষ্টি কৰা, আৰু সমাজত স্পষ্ট আৰু বহনক্ষম প্ৰভাৱ পেলোৱা। এটা জাতিৰ সামাজিক পুঁজিলৈ অৰিহণা যোগোৱাৰ জৰিয়তে, সামাজিক বিষয়সমূহৰ নতুন দৃষ্টিভংগীক উদ্দীপিত কৰাৰ জৰিয়তে, বা ৰাজহুৱা বিতৰ্ক আৰু নীতি নিৰ্ধাৰণৰ বিষয়ে অৱগত কৰাৰ জৰিয়তে গৱেষণাৰ সামাজিক সুবিধা আছে, এই কথা কয় অধ্যাপক তথা NEHU বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তি বিভাগৰ মুৰব্বী ড০ এছ আৰ যোশীয়ে। তদপুৰি PHD ৰ নবাগত ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰি আজি মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ গৱেষণা বিভাগে আয়োজন কৰা এক অৰিয়েণ্টেচন কাৰ্যসূচীত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰবীন ডেকাইও অংশগ্ৰহণ কৰে । অৰিয়েণ্টেচনত ১০০ৰো অধিক নবাগত PHD ছাত্ৰ ছাত্ৰীৰ লগতে ফেকাল্টী ছুপাৰভাইজৰে অংশ গ্ৰহণ কৰে।

গৱেষণাৰ বাবে প্ৰস্তুতি কেনেকৈ আৰম্ভ কৰিব পাৰি সেই সম্পৰ্কে পণ্ডিতসকলক সম্বোধন কৰি ড০ এছ আৰ যোশীয়ে কয় যে প্ৰথম ছমাহৰ ভিতৰত PHD ছাত্ৰ ছাত্ৰীৰ মূল প্ৰেৰণা হব লাগিব তেওঁৰ গৱেষণাৰ জ্ঞানৰ ক্ষেত্ৰখন সমৃদ্ধ কৰা। তেওঁ কয় যে মৌলিক গৱেষণা জ্ঞান বৃদ্ধিৰ আৰু মানৱ, পশু আৰু উদ্ভিদ ৰাজ্যৰ কল্যাণৰ বাবে কৰা হয়, ই বাণিজ্যিক সম্ভাৱনাৰ বাবে নহয়। গৱেষণাৰ তাৎপৰ্য্যৰ বিষয়ে কৈ তেওঁ কয় যে প্ৰয়োজনীয় তথ্য সংগ্ৰহ, পৰিৱৰ্তন, জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, সত্য জনা, আমাৰ ইতিহাস অন্বেষণ, কলা, প্ৰযুক্তি বিকাশ আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে গৱেষণা কৰা হয়। তেওঁ লগতে কয় যে ইয়াৰ তাৎক্ষণিক প্ৰভাৱ নাথাকিবও পাৰে কিন্তু সময়ৰ লগে লগে গৱেষণাই উদ্ভাৱনত অপৰিসীম মূল্য সংযোজন কৰিব পাৰে। প্ৰয়োগমূলক গৱেষণা হৈছে সমস্যামুখী আৰু সমস্যা সমাধানকাৰী গৱেষণা, যেনে শেহতীয়াকৈ কৰোনা ৰোগৰ ভেকচিনৰ আৱিষ্কাৰ। তেওঁ গুণগত আৰু পৰিমাণগত গৱেষণা সম্পৰ্কেও বিতংভাৱে ব্যাখ্যা কৰে।
ইয়াৰ পূৰ্বে আদৰণি ভাষণ দিয়ে ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই। অনুষ্ঠানৰ অন্তত ধন্যবাদ জ্ঞাপন কৰে ড০ বি.কে. দাস, ইউ এছ টি এমৰ প্ৰ’ ভাইচ চান্সেলৰ।

Previous Post

কৰ সংগ্রহৰ বাবে ব্যক্তিগত প্রতিষ্ঠানক দিয়া নিবিদা বাতিলৰ সিদ্ধান্ত GMC ৰ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ

আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ

‘মন কী বাত’ত অসমীয়া অভিধান হেমকোষৰ ব্ৰেইলী সংস্কৰণক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

'মন কী বাত'ত অসমীয়া অভিধান হেমকোষৰ ব্ৰেইলী সংস্কৰণক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8