ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে অভিযান চলাই থকাৰ সময়তে মঙলবাৰে নিশা মোৰাঝাৰ আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মোৰাঝাৰ আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা মুঠ ৬ জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ১২০ গ্ৰাম সন্দেহজনক হেৰইন জব্দ কৰে।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, যোৱা নিশা গোপন সূত্ৰৰ পম খেদি মোৰাঝাৰ আৰক্ষীয়ে কৰৈয়নী গাঁৱৰ জিয়াবুৰ ৰহমানৰ জিম্মাৰ পৰা ১১ টা চাবোন কেইচ ভৰ্তি সন্দেহজনক হেৰইন ১২০ গ্ৰাম উদ্ধাৰ কৰে। জিয়াবুৰৰ পিছত ৫ নং উদালীৰ ওৱাহিদুৰ ৰহমানক আটক কৰে আৰক্ষীয়ে। দুয়োজনক সোধপোচ কৰি মোৰাঝাৰ স্বপুৰগাওঁৰ বাসিন্দা তাজ উদ্দিনক আটক কৰে।
ধৃত তিনিজনক সোধাপোচাৰ অন্তত মাহাবউদ্দিন আৰু বিএম ওৱাৰিছক আটক কৰে আৰক্ষীয়ে। উক্ত দুজনৰ ঘৰ মণিপুৰত আৰু বিএম ওৱাৰিছ পেচাগত ভাৱে এজন শিক্ষক। আটাইকেইজনক সোধ-পোচ কৰি শেষত নখুটীৰ পৰা বাবুল হুছেইনক আৰক্ষীয়ে আটক কৰা বুলি জনা গৈছে। ড্ৰাগছ সৰবৰাহত জড়িত আটক কৰা লোক কেইজনৰ পৰা উদ্ধাৰ কৰা হেৰইনখিনিৰ মূল্য প্ৰায় এক কোটি টকা হব বুলি ধাৰণা কৰা হৈছে।