জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা মহাবিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। জানিব পৰা মতে, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰায় এশজনীয়া সমৰ্থকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰাবাসৰ কেইবাগৰাকীও নিবাসী। আৰক্ষী উপস্থিত থকা অৱস্থাতে সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ।
উল্লেখ্য যে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আজি অনুষ্ঠিত হৈ আছে, নিৰ্বাচনৰ প্ৰচাৰ তথা পষ্টাৰ লগোৱা ঘটনাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত প্ৰথমে বাকবিতণ্ডাৰ সৃষ্টি হয়। তাৰপিছত পৰিস্থিত এনে পৰ্যায় পায়গৈ যে তুমুল কাজিয়া আৰু হতাহতিও হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থকসকলে ছাত্ৰাবাসৰ নিবাসী কেইবাগৰাকীও ছাত্ৰক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে বুলি অভিযোগ উঠিছে।
বৰ্তমানলৈকে আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ছাত্ৰাবাসৰ নিবাসীসকলৰ।