অৱশেষত জামিন লাভ কৰিলে ৰাকেশ পালে। ভঙাগড় থানাত ৰুজু হৈ থকা গোচৰৰ পৰা জামিন লাভ কৰে APSC কেলংকাৰীৰ মূল নায়কজন। ৫ বছৰ ধৰি তেওঁ কাৰাগাৰত আছিল।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৩ টা গোচৰত জামিন লাভ কৰিছিল ৰাকেশ পালে। এপিএছচিৰ বৃহত কেলংকাৰীত নাম সাঙুৰ খাইছিল ৰাকেশ পালৰ। ইডিৰ গোচৰত জামিন লাভ কৰে ৰাকেশ পালে।