উত্তৰাখণ্ডৰ চম্পাৱতত সংঘটিত পথ দুর্ঘটনাত নিহত হোৱা লোকসকলৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে। ক্ষতিগ্রস্থ সকলৰ বাবে তেওঁ এককালীন অর্থ সাহায্যৰ ঘোষণা কৰিছে প্রধানমন্ত্রীয়ে।
উত্তৰাখণ্ডৰ চম্পাৱতত হৈছিল হৃদয়বিদাৰক দুৰ্ঘটনা । প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে ইয়াত যিসকল লোকৰ মৃত্যু হৈছে, মই তেওঁলোকৰ পৰিয়ালসকলৰ প্ৰতি নিজৰ শোক-সমবেদনা ব্যক্ত কৰিছো।
উত্তৰাখণ্ডৰ পথ দুর্ঘটনাত যিসকলে প্রাণ হেৰুৱাইছে তেওঁলোকৰ আত্মীয়সকলৰ বাবে ২ লাখ টকাকৈ এককালীন অর্থ সাহায্যৰ ঘোষণা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। লগতে আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়া হ’ব বুলি জানিব পৰা গৈছে ।