অসম-মেঘালয় সীমান্তত হোৱা সংঘৰ্ষই ৰাজ্য দুখনৰ পৰিস্থিতি বৰ্তমান উত্তপ্ত কৰি ৰাখিছে। মঙলবাৰে সীমান্তৰ সংঘৰ্ষত মুঠ ৬ জন লোকে প্ৰাণ হেৰুৱাইছিল। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই ঘটনাক তীব্ৰ গৰিহনা দি অসম চৰকাৰক দোষাৰোপ কৰিছিল। মেঘালয়ৰ উত্তপ্ত পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি কেইবাখনো জিলাত ইন্টাৰনেট সেৱা কৰ্তন কৰিছিল।
ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে নিহতসকলৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহাৰ্য আগবঢ়োৱাৰ লগতে বুধবাৰে সংবাদ মাধ্যমৰ আগত এই ঘটনাক লৈ অসম আৰক্ষীৰ ওপৰত অসন্তুষ্টিও প্ৰকাশ কৰে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এয়া অসম-মেঘালয় সীমা বিবাদ নহয়। এয়া অসম আৰক্ষী আৰু মেঘালয়ৰ এখন গাঁৱৰ লোকৰ মাজৰ সংঘাত। অসম আৰক্ষী ইমান উগ্র হোৱাৰ প্রয়োজন নাছিল। প্রয়োজনতকৈ অধিক গুলীচালনা কৰিলে আৰক্ষীয়ে।
We advised Police to restrain use of lethal weapons while dealing with civilian population. SOPs for Police as well as Forest personnel will be prepared to deal with such situation. All police station in charges will be properly sensitised on such matters. 3/3
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) November 23, 2022
উল্লেখ্য যে, মেঘালয়ত অসমৰ বহু বাহন আৰু লোক আৱদ্ধ হৈ আছে। অন্যহাতে মঙলবাৰৰ ঘটনাক লৈ ইতিমধ্যে আৰক্ষীয়ে দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। মেঘালয়ৰ মুক্র’ৰ গাঁওবুঢ়া হাম্বৈ আৰু জয়ন্তীয়া পাহাৰ জিলাৰ পৰিষদৰ সদস্য আইবৰ চাদাপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।