গুজৰাটৰ তাপী জিলাৰ সত্ৰ ন্যায়াধীশ আদালতে দেশত গৰুৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আদালতে কয় যে ”বিজ্ঞানে প্ৰমাণ কৰিছে যে গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়। কেৱল ইমানেই নহয়, গো মূত্ৰৰ দ্বাৰা যিকোনো ৰোগ নিৰাময় কৰিব পাৰি”। টাপী জিলা সত্ৰ ন্যায়াধীশ সমীৰ ব্যাসে যোৱা বছৰ নৱেম্বৰত এজন ২২ বছৰীয়া যুৱক এজনক যাৱজ্জীৱন কাৰাদণ্ড বিহি এই মন্তব্য কৰে। যুৱক জনৰ বিৰুদ্ধে বিভিন্ন আইন উলংঘা কৰি গুজৰাটৰ পৰা মহাৰাষ্ট্ৰলৈ গৰু সৰবৰাহ কৰাৰ অভিযোগ আছিল।
ন্যায়ধীশগৰাকীয়ে কয় যে “পৃথিৱীৰ সকলো সমস্যা সেইদিনা সমাধান হ’ব যিদিনা পৃথিৱীত গৰুৰ তেজ এটোপাল নপৰে। আমি গৰু সুৰক্ষাৰ কথা কওঁ, কিন্তু ই ৰূপায়ণ কৰা নহয়। গৰু হত্যা আৰু অবৈধ পৰিবহনৰ ঘটনা নিয়মীয়াকৈ হৈ আছে। এয়া সভ্য সমাজৰ বাবে অপমানজনক ঘটনা”। ন্যায়ালয়ে কয় যে স্বাধীনতাৰ ইমান বছৰ পাছতো গো হত্যাৰ সংখ্যা ক’ম হোৱা নাই। গৰু হৈছে ধৰ্মৰ প্ৰতীক। গৰু-আধাৰিত জৈৱিক কৃষিৰ জৰিয়তে উৎপন্ন হোৱা খাদ্যই আমাক বহু ৰোগৰ পৰা সুৰক্ষিত কৰে। বিজ্ঞানে প্ৰমাণ কৰিছে যে গো-গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয় আৰু গো মূত্ৰৰ দ্বাৰা দুৰাৰোগ্য ৰোগ নিৰাময় কৰিব পাৰে।
শুনানিৰ সময়ত সত্ৰ ন্যায়ধীশ আদালতে তেওঁক দোষী সাব্যস্ত কৰিছিল। ২০১৭ চনত, গুজৰাট চৰকাৰে ‘গুজৰাট পশু সংৰক্ষণ (সংশোধনী) আইন, ২০১৭’ৰ এক গো হত্যা বিৰোধী আইন প্ৰৱৰ্তন কৰিছিল।