চিৰাঙৰ বাসুগাঁওত প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেৱনাথক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাক তীব্ৰ গৰিহণা জাফাৰ কেন্দ্ৰীয় আৰু চিৰাং জিলা সমিতিৰ। ৰাজহুৱাভাৱে সাংবাদিকজনক বাসুগাঁও চহৰৰ মাজমজিয়াত প্ৰহাৰ কৰে আৰক্ষীয়ে।
উল্লেখ্য যে, প্ৰদীপ সাহা নামৰ এজন আৰক্ষী কনিষ্টবলে হেলমেট নিপিন্ধাকৈ মটৰ ছাইকেল চলাই যোৱা বাবে সাংবাদিক জয়ন্ত দেৱনাথে আৰক্ষীজনক সুধিছিল হেলমেটহীন ভাৱে কিয় মটৰ চাইকেল চলাইছে। আৰক্ষীয়েই হেলমেটহীন লোকক জৰিমনা বিহে আৰু তেনে অৱস্থাত আৰক্ষীৰ লোকেই যদি হেলমেটবিহীন ভাৱে মটৰ চাইকেল চলায় তেনেহলে আৰক্ষীয়েই চৰকাৰৰ আইন অমান্য যদি সাধাৰণ লোকে কিয় নকৰিব?
তাৰ পিচতে আৰক্ষীয়ে জয়ন্ত দেৱনাথক নিৰ্মমভাৱে প্ৰহাৰ কৰে। সাংবাদিকক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাক জাফাৰ (জাৰ্নেলিষ্ট এচোচিয়েশন ফোৰ আছাম)ৰ কেন্দ্ৰীয় সভাপতি অভিদ্বিপ চৌধুৰী আৰু চিৰাং জিলা সমিতি জাফাৰ সভাপতি সুনিল শৰ্মা আৰু সম্পাদক আব্দুল মালেক আহমেদে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।