চিৰাং জিলাৰ বাসুগাঁৱত আজি এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। চাইকেল আৰোহী এগৰাকী কলেজীয়া ছাত্ৰীক যাত্ৰীবাহী বাছে মহটিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে মৃত্যুক সাৱতি লয় ছাত্ৰীগৰাকীয়ে। নিহত ছাত্ৰী গৰাকী কোকৰাঝাৰ জিলাৰ জৰেগাঁৱৰ বাসিন্দা কৰিম আলী ফকীৰৰ কন্যা তথা বাসুগাঁও জুনিয়ৰ কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰী ছোকিনা বেগম (১৯) বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাত আন এগৰাকী ছাত্ৰীও আহত হৈছে।
প্ৰত্যক্ষদৰ্শীৰ মতে, আজি দুই বজাত কলেজ ছুটি হোৱাৰ পিছত সহপাঠীৰ সৈতে চাইকেলেৰে ঘৰলৈ যোৱাৰ সময়ত এএচ -১৪ চি ৩৪৯৫ পঞ্জীয়ন নম্বৰৰ স্বৌৰাং যাত্ৰীবাহী বাছখনে মহতিয়াই নিয়ে ছাত্ৰী গৰাকীক। দুৰ্ঘটনা সংঘটিত কৰিয়ে বাছখনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰে। দুৰ্ঘটনাৰ পিছত স্থানীয় লোকে ছাত্ৰীগৰাকীক বাসুগাঁৱৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত লৈ যায় যদিও কৰ্তব্যৰত চিকিৎসকে ছাত্ৰী গৰাকীক মৃত বুলি ঘোষণা কৰে।
খবৰ লাভ কৰি দুৰ্ঘটনাস্থলীত বাসুগাঁও থানাৰ আৰক্ষীৰ লোক উপস্থিত হয় দুৰ্ঘটনা সংঘটিত কৰা বাছখন জব্দ কৰে। ছাত্ৰীগৰাকীৰ অকাল মৃত্যুত শিক্ষানুষ্ঠানৰ লগতে জন্মস্থান জৰেগাঁৱত শোকৰ ছাঁ নামি পৰিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত নিহত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোক আৰু সহপাঠী সকলে প্ৰথমে আৰক্ষীৰ সৈতে বাকযুদ্ধত লিপ্ত হয়, পিছত বাসুগাঁও ক্ষুদ্ৰ চিকিৎসালয়ৰ সন্মুখৰ পথৰ ওপৰত অৱস্থান কৰি বিক্ষোভ প্রদর্শন কৰে।