আলফা স্বাধীনৰ প্ৰতি নৱ প্ৰজন্মৰ যোগদানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। তেওঁ কয় যে, উগ্ৰবাদৰ প্ৰতি আজিও যুৱচামৰ আকৰ্ষন আছে, অৱশ্যে ULFAৰ জন্মৰ সময়ৰ লক্ষ্য আৰু বৰ্তমানৰ লক্ষ্য একে নহয়। পূৰ্বে স্বাধীন অসম আৰু জাতিৰ হকে কাম কৰাৰ বাবে আলফাত যোগদান কৰিছিল ৷ কিন্তু আজি যি সকলে আলফাত যোগদান কৰিছে তেওঁলোকৰ কোনো উদ্দেশ্য নাই, হয়তো কোনোবাই তেওঁলোকক মিছগাইড কৰিছে। পৰেশ বৰুৱাই আলোচনাৰ বাবে আগবাঢ়ি অহাৰ সময়ত নতুন যুৱকক আলফাত যোগদানৰ বাবে আকৰ্ষিত কৰিব বিচৰা কাৰ্য ভাল চিন্তা নহয়, পৰেশ বৰুৱা যদি আলোচনাৰ বাবে ইচ্ছুক তেন্তে নতুন ল’ৰা- ছোৱালী আলফাত যোগদান কৰাটো বন্ধ কৰিবলৈও আহ্বান কৰে উৰ্খাও গৌৰা ব্ৰহ্মই।
বাক্সা জিলাৰ ছাপাগুৰি সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই শেহতীয়াকৈ গুজৰাটৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিধায়ক জিগমেচ মেৱানী সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আনহাতে ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি সন্দৰ্ভতো মত ব্যক্ত কৰে মন্ত্ৰী ব্ৰহ্মই। একাংশ সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰে মুল্যবৃদ্ধি ৰোধৰ ব্যৱস্থা কৰাৰ বিপৰিতে পেট্ৰল-ডিজেলৰ মুল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা লব নোৱাৰে বুলি স্পষ্টকৈ জানিব দিয়ে ।