চান্দমাৰী উৰণীয়া সেঁতুৰ ওপৰত চাঞ্চল্যকৰ ঘটনা। উৰণীয়া সেতুৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা এগৰাকী মহিলাৰ। মহিলাগৰাকীৰ নাম পূজা দাস বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, স্বামীৰ নিৰ্যাতনৰ বাবেই মহিলাগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল বুলি উপস্থিত ৰাইজে সন্দেহ কৰিছে। মহিলাগৰাকীৰ স্বামী মিলন দাসে আন মহিলাৰ লগত সম্পৰ্ক ৰখাৰ অভিযোগ পূজা দাসৰ। স্বামী মিলন দাসে চান্দমাৰী থানাৰ গাড়ী চলাই। সাংবাদিক আৰু উপস্থিত লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি গতাই দিয়ে চান্দমাৰী আৰক্ষীক।