দিল্লী অপৰাধ শাখাই মঙলবাৰে কৰ্কট ৰোগৰ ঔষধ নিৰ্মাণৰ সৈতে জড়িত এটা দলক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, এই সন্দৰ্ভত ২ জন অভিযন্তা, এজন চিকিৎসক আৰু এজন এমবিএক ডিগ্ৰীধাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। অন্যহাতে ঘটনা সন্দৰ্ভত জড়িত ৩ জন লোকে পলায়ন কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।
অভিযোগ অনুসৰি এই সকল লোক কৰ্কট ৰোগৰ নকল দৰৱ তৈয়াৰ কৰিছিল। লগতে হাৰিয়ানাৰ চনিপতত এটা কাৰখানা আৰু গাজিয়াবাদত এটা গুদামো জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জনাই যে উদ্ধাৰ হোৱা নকল ঔষধখিনিৰ মূল্য প্ৰায় ৮ কোটি টকা। অভিযুক্ত সকলে প্ৰায় ৩ বছৰ ধৰি এই ব্যৱসায় চলাই গৈছিল।