বলীউডৰ কেইবাগৰাকীও তাৰকাক ৰিয়েলিটী শ্ব’ত অতিথিৰূপে দেখা পোৱা যায়।
ৰিয়েলিটী শ্ব’ৰ সময়ত অভিনেতা তথা অভিনেত্ৰীসকলে নিজৰ লগত সংঘটিত হোৱা কিছুমান অকথিত অধ্যায় শ্বেয়াৰ কৰে।
ইয়াৰে কেইবাগৰাকীও তাৰকাই ইমান আৱেগিক হৈ পৰে যে নিজৰ বাল্যকালৰ কাহিনীও শ্বেয়াৰ কৰিবলৈ সংকোচ নকৰে।
আজি আমি এই ষ্টৰীটোত ক’বলৈ ওলাইছো সেই কেইগৰাকী তাৰকাৰ বিষয়ে, যিসকল তাৰকাক বাল্যকালত কৰা হৈছিল শোষণ।
কল্কি কোচলিন
এই তালিকাত প্ৰথমে নাম ল’বলৈ ওলাইছো বলীউডৰ অভিনেত্ৰী কল্কি কোচলিনৰ।
বাল্যকালতে অভিনেত্ৰীগৰাকী চিকাৰ হৈছিল শোষণৰ। এক সাক্ষাৎকাৰত তেওঁৰ লগত কি হৈছিল,
ইয়াৰ বিষয়ে স্পষ্টভাৱে ক’ব নোৱাৰিলে যদিও মিডিয়া ৰিপৰ্ট অনুসৰি কল্কিৰ সৈতে হোৱা ঘটনাৰ বাবে তেওঁ কেইবা বছৰ ধৰি মানসিক চাপত ভুগিছিল।
অনুষ্কা শংকৰ
প্ৰখ্যাত চেতাৰবাদক পণ্ডিত ৰবিশংকৰৰ কন্যা অনুষ্কা শংকৰো বাল্যকালত শোষণৰ বলি হৈছিল।
মিডিয়া ৰিপৰ্টছ অনুসৰি অনুষ্কাৰ শোষণ কোনো বাহিৰৰ লোকে নহয় পৰিয়ালৰ লোকেই কৰিছিল।
বাল্যকালত হোৱা শোষণক লৈ বছৰ বছৰ ধৰি যুঁজ দিছিল অনুষ্কা শংকৰে।
অনুৰাগ কাশ্যপ
মিডিয়া ৰিপৰ্ট অনুসৰি, বলীউডৰ ছবিনিৰ্মাতা অনুৰাগ কাশ্যপৰ সৈতেও বাল্যকালত প্ৰায় ১১ বছৰলৈ হৈছিল যৌন শোষণ।
এক সাক্ষাতকাৰৰ জৰিয়তে অনুৰাগ কাশ্যপে নিজেই কৈছিল যে,
এই ঘটনাটো পাহৰিবলৈ তেওঁক কল্কি কোচলিনে তেওঁক সহায় কৰিছিল।
ছোমী আলী
বলীউডৰ অভিনেতা ছলমান খানৰ নাম এইগৰাকী অভিনেত্ৰী ছোমী আলীৰ সৈতে সাঙুৰ খাইছিল।
দুয়োয়ে নিজৰ সম্পৰ্কক লৈ যথেষ্ট আলোচনাৰ মাজত সোমাই পৰিছিল।
মিডিয়া ৰিপৰ্ট অনুসৰি ছোমী বাল্যকালতে যৌন শোষণৰ বলি হৈছিল।
Photo: Google