প্ৰয়াগৰাজত বিষাক্ত সুৰাপান কৰি বৰ্তমানলৈ ১৪জন লোকে প্ৰাণ হেৰুৱালে।
বিগত ৩ দিনত ১৪জন লোকে মৃত্যুক সাৱটি লৈছে।
ইয়াৰ পিছতে সক্ৰিয় হৈ উঠিছে চৰকাৰী আমোলা বিষয়াসকল।
মৃত্যু হোৱা লোকৰ সংখ্যাক লৈ প্ৰশাসনে বৰ্তমানলৈ কোনো তথ্য প্ৰকাশ কৰা নায়।
ইফালে এই ঘটনাটো ৭জন লোকে প্ৰাণ হেৰুওৱাৰ কথা স্বীকাৰ কৰে।
মৰণোত্তৰ পৰীক্ষাৰ অন্তত ৭জন লোকৰ সুৰাপান কৰি মৃত্যু হোৱাৰ কথা প্ৰকাশ পাইছে।
আন ৭জন লোকক মৰণোত্তৰ পৰীক্ষা নকৰোৱাকৈয়ে অন্তিম সংস্কাৰ কৰোৱা হয়।
ইফালে এই ঘটনাৰ পিছতে থানা ইনচাৰ্জসহ ৪জন আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে। ঘটনা সন্দৰ্ভত ৮জনক গ্ৰেপ্তাৰ কৰা হৈছে।
Photo: Google