নিৰ্বাচনলৈ মাজত মাথো ১০ দিন বাকী ৷
নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল তথা প্ৰতিগৰাকী নেতা ৷
ব্যতিক্ৰম নহয় মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীও ৷
বিতৰ্কই পিছ নেৰা এইগৰাকী প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিতৰ্ক সন্দৰ্ভত সাংবাদিকৰ আগত দিলে অকপট স্বীকাৰোক্তি ৷
বিতৰ্ক হ’লে তেওঁ ভাল পায় ৷
বিতৰ্ক হ’লেহে অসমৰ ৰাইজে তেওঁক দেখি থাকিব বুলি উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷
মৰিগাঁৱৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰে দেউৰীয়ে ৷
১২৬টা সমষ্টিৰ ভিতৰতে সৰ্বাধিক ভোট লাভ কৰি আগন্তুক নিৰ্বাচনত জয়লাভ কৰিব বুলি উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷
মৰিগাঁও সমষ্টিত প্ৰাথীগৰাকীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ শক্তিশালী প্ৰাৰ্থী নাই বুলিও উল্লেখ কৰে তেওঁ ৷
বিজেপিৰ ১০০+ মিছন সন্দৰ্ভত ৰমাকান্ত দেউৰীয়ে কয় যে বিজেপিৰ জয় নিশ্চিত, তাত কোনো সন্দেহ নাই ৷
স্বাধীনতাৰ ৭৬ বছৰৰ পিছত কোনো এখন চৰকাৰে বিজেপিৰ দৰে উন্নয়ন কৰিব নোৱাৰিলে ৷
গতিকে বিজেপিক ভোট নিদিলে পাপ চুব বুলি পুনৰ উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷
পূৰ্বেও এই মন্তব্য কৰি বিতৰ্ক মাজত সোমাই পৰিছিল ৰমাকান্ত দেউৰী ৷
photo: google