ৰাজ্যৰ ৰাজনীতিত জনপ্ৰতিনিধিৰ বাহুবলৰ পয়োভৰ ৷
বিভিন্ন অপৰাধৰ অভিযোগত অভিযুক্ত জনপ্ৰতিনিধিৰে ভৰি পৰিছে প্ৰাৰ্থী তালিকা ৷
কি বিজেপি, কি কংগ্ৰেছ, কি অজাপ, কি ৰাইজৰ দল প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে ৰুজু হৈ আছে একাধিক অপৰাধজনিত গোচৰ ৷
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনীত প্ৰাৰ্থীৰ তালিকাত থকা মুঠ ২৬৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৪১গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধেই আছে অপৰাধজনিত গোচৰ ৷
নিৰ্বাচনৰ প্ৰাকক্ষণত এই তথ্য প্ৰকাশ কৰিছে এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্ম নামৰ সংস্থাটোৱে৷
সমাগত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ১৬ শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে চলি আছে বিভিন্ন মোকৰ্দ্দমা৷
ইয়াৰে ৩৪ গৰাকী প্ৰাৰ্থী গুৰুতৰ অপৰাধত অভিযুক্ত৷
১৯গৰাকী প্ৰাৰ্থীৰ আছে জামিনবিহীন অপৰাধৰ গোচৰ৷
কংগ্ৰেছৰ ১০গৰাকী, অজাপৰ ৮গৰাকী, বিজেপিৰ ৩গৰাকী, এনচিপি, অগপ আৰু এচইউচিআই(চি ) ৰ একোগৰাকীকৈ প্ৰাৰ্থী অপৰাধৰ গোচৰত অভিযুক্ত ৷
কোন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে কি অপৰাধ? আহক সবিশেষ তথ্যৰ ওপৰত আমাৰ সাংবাদিকে প্ৰস্তুত কৰা প্ৰতিবেদনত আলোকপাত কৰো –
শিৱসাগৰৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ বিৰুদ্ধে আছে সৰ্বাধিক গোচৰ ৷
অখিল গগৈৰ বিৰুদ্ধে আছে মুঠ ৫২ টা গোচৰ৷
বোকাখাতৰ নিৰ্দলীয় প্ৰাৰ্থী দুলাল বৰাৰ বিৰুদ্ধে ২৫টা আৰু প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ
হ’বলগীয়া প্ৰণৱ দলেৰ বিৰুদ্ধে আছে ৬ টা অপৰাধৰ গোচৰ ৷
ধিংৰ এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ বিৰুদ্ধে আছে ৪ টা অপৰাধজনিত গোচৰ ৷
নাৰীজনিত অপৰাধত অভিযুক্ত মুঠ ৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকীৰ বিৰুদ্ধে আছে বলাৎকাৰৰ
অভিযোগ৷
তেজপুৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জানমণি বৰাৰ বিৰুদ্ধে আছে বলাৎকাৰৰ অভিযোগ৷
আনফালে ২ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে হত্যাৰ চেষ্টাৰ অভিযোগ৷
থাওৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰী আৰু গহপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰাৰ বিৰুদ্ধে চলি আছে হত্যাৰ গোচৰ৷
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে চাহ জনজাতীয় নেতা ডেনিয়েল তপ্ন হত্যাৰ গুৰুতৰ অপৰাধৰ গোচৰ৷
দুলাল বৰাৰ বিৰুদ্ধে আছে অন্যায়, বলপূৰ্বক ধনদাবীৰ অভিযোগ ৷
এতিয়া প্ৰশ্ন হয়, এনে জনপ্ৰতিনিধিয়ে শাসনৰ বাঘজৰী পালে কি দৰে চলাব দেশৰ প্ৰশাসন যন্ত্ৰ ?
photo: google