ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ অভিযান চলি থকাৰ মাজতে একাংশ বিজেপি কৰ্মীৰ কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজনীতিত ৷
শেহতীয়াকৈ পোহৰলৈ আহিছে বিজেপিৰ ব্যাপক ৰিগিঙৰ ঘটনা ৷
সমগ্ৰ ঘটনা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীয়ে ৷
মঙলবাৰৰ পৰা অসমত আৰম্ভ হৈছে পোষ্টেল বেলটযোগে আনুষ্ঠানিক ভোটদান প্ৰক্ৰিয়া ৷
৮০ৰ ঊৰ্দ্ধৰ ব্যক্তি, ক’ভিড ৰোগী আৰু দিব্যাংগসকলৰ সুবিধাৰ্থে গ্ৰহণ কৰা হৈছে এই ভোটদান প্ৰক্ৰিয়া ৷
কিন্তু নাহৰকটীয়াত ভোটদান চলি থকাৰ মাজতে বিজেপিৰ ৰিগিঙৰ ঘটনাই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলত ৷
উল্লেখযোগ্য যে নাহৰকটীয়াৰ জাগুণ গাঁৱৰ নিৱাসী বুতবৰ গগৈৰ ঘৰত বুধবাৰে উপস্থিত হৈছিল নিৰ্বাচনী বিষয়াৰ এটা দল।
তাৰ পিছতেই কংগ্ৰেছ দলৰ এজেন্ট নথকাৰ সুযোগ বুজি দলটোৰ লগত অহা এগৰাকী যুৱতীয়ে বুতবৰ গগৈক জোৰ কৰি হাতৰ পৰিৱৰ্তে পদুম ফুলৰ চিহ্নত ভোটদান কৰোৱায়।
নিৰ্বাচনী বিষয়া তথা অন্য দলৰ এজেন্ট সকল থকাৰ পিছতো কিদৰে এই ঘটনা সংঘটিত হ’বলৈ পালে তাকে লৈ সমগ্ৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে ৷
ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ বিষয়টো ৷
ইপিনে, নিৰ্বাচনৰ প্ৰাকক্ষণত ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হাহাকাৰ লাগিছে বিজেপিৰ ভিতৰচ’ৰাত ৷
চিন্তিত হৈ পৰিছে উপস্থিত নিৰ্বাচনী বিষয়াসকল ৷
ঘটনা সন্দৰ্ভত দোষীক শাস্তি প্ৰদান কৰিবলৈ প্ৰতিটো বিৰোধী দলে নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে।
photo: google