এতিয়াৰে পৰা কাজিৰঙাৰ মাজেৰে যাওঁতে সাৱধান হ’ব লাগিব আপুনি। দ্ৰুতগতিত গাড়ী চলালে ভৰিব লাগিব ৫ হাজাৰ টকাৰ জৰিমনা।
সমাগত সম্ভাৱ্য বানৰ বাবে আগতীয়াকৈ সাজু হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ। ১৫ কোটি টকা ব্যয় সাপেক্ষে এনিমেল কৰিডৰসমূহত বন বিভাগে ৰাষ্ট্ৰীয় ঘাইপথত কেমেৰা স্থাপনৰ বাবে কেইবাটাও নতুন বৃহৎ তোৰণ।
কাজিৰঙাৰ ৰাজপথৰ এনিমেল কৰিডৰত এতিয়া নতুনকৈ অত্যাধুনিক চেন্সৰ কেমেৰা স্থাপন কৰা হৈছে যাৰ কাম ইতিমধ্যে ৯০% সম্পূৰ্ণ হৈ উঠিছে ৷
সমাগত বানৰ সময় আৰু এই বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণে থকা কাৰ্বি পাহাৰলৈ ধাপলি মেলে।
আৰু এই সময়ছোৱাত দ্ৰুত গতিত অহা যান-বাহনৰ খুন্দাত বহু বন্যজন্তুৰ মৃত্যু হয়। আৰু এই পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এনিমেল কৰিডৰত স্থাপন কৰিছিল চেন্সৰ কেমেৰা।
কাজিৰঙাত বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ গতি বেগ নিৰীক্ষণ কৰাৰ উদ্দেশ্যে লৈ স্থাপন কৰা হৈছিল কেমেৰা। বিগত বানৰ সময়ত প্ৰায় ছশতকৈও অধিক বাহনক জৰিমনা বিহিছিল সেই চেন্সৰ কেমেৰাৰ জৰিয়তে।
এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ অঞ্চলৰ পৰা পানবাৰীলৈকে প্ৰায় ১৫ কোটি টকা ব্যয় সাপেক্ষে এনিমেল কৰিডৰসমূহত বন বিভাগে ৰাষ্ট্ৰীয় ঘাইপথত কেমেৰা স্থাপন কৰাৰ লগতে নিৰ্মাণ কৰিছে কেইবাখনো নতুন বৃহৎ তোৰণ।
৭টা স্থানত কেমেৰা স্থাপনৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুত বেগী যান-বাহনক নাকী লগাবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিছে উদ্যান কৰ্তৃপক্ষই ৷
সঞ্চালকগৰাকীয়ে লগতে কয় যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাষেৰে যাওঁতে প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰকৈ অধিক গতিত গাড়ী চলালেই জৰিমনা বিহা হ’ব।
ইফালে সমাগত সম্ভাৱ্য বানৰ বাবে আগতীয়াকৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷
ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বানৰ সময়ত বন্যপ্ৰাণীয়ে আশ্ৰয় লোৱাৰ লগতে বনকৰ্মীয়ে কৰ্তব্য পালন কৰিব পৰাকৈ নিৰ্মাণ কৰিছে হাইলেণ্ড কাম ৰ’ড ৷
Photo & Input: Kishan Chetri