বঙাইগাঁও সমষ্টিৰ পৰা একেৰাহে অষ্টম বাৰলৈ নিৰ্বাচিত বিধায়ক ফণীভূষণ চৌধুৰীক কাইলৈ ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই অস্থায়ী অধ্যক্ষ হিচাপে গোপনীয়তাৰ শপত বাক্য পাঠ কৰাব।
ইতিমধ্যে ৰাজ্যৰ বাহিৰত থকা ৰাজ্যপাল জগদীশ মুখীয়ে মুখ্য সচিবগৰাকীক ইয়াৰ কৰ্তৃত্ব প্ৰদান কৰিছে।
২১মে’ ৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া পঞ্চদশ অসম বিধানসভাৰ অধিৱেশনৰ পূৰ্বে ১২৬টা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব অস্থায়ী অধ্যক্ষ চৌধুৰীয়ে।
Photo: Google