বিহাৰৰ বেগুচৰাইত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।
চলন্ত বাছত বহি থকা এজন লোকে খিৰিকীৰে উলিয়াই দিছিল ডিঙি।
তাৰ পিছত সন্মুখৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকে যুৱকজনৰ মূৰত প্ৰচণ্ড খুন্দা মাৰি দিয়ে।
ঘটনাস্থলীতে যুৱকজনে কৰুণ মৃত্যুক সাৱটি লয়।
ইয়াৰ পিছতে বাছত বহি থকা লোকসকলৰ মাজত হুলস্থল পৰিৱেশৰ সৃষ্টি হয়।
এই ঘটনাটো বেগুচৰাইৰ বছবাৰা থানা সমীপৰ এনএচ ২৮ত সংঘটিত হয়।
মঙলবাৰে মাজ নিশা সংঘটিত হয় এই ঘটনাটো।
ট্ৰাকখনৰ এই খুন্দাৰ পিছত যুৱকজনৰ মৃতদেহ বাছৰ খিৰিকীতে ওলমি থাকে।
মৃত যাত্ৰীগৰাকী ৩৫ বছৰীয়া ৰঞ্জিত ৰায় বুলি চিনাক্ত কৰা হৈছে।
মৃত যুৱকজন ঘটনাস্থলীৰ পৰা ২ কিলোমিটাৰ আগত বাছৰ পৰা নামি যোৱাৰ কথা আছিল, কিন্তু বাছখনৰ পৰা নমাৰ পূৰ্বে সংঘটিত হয় এই ভয়ানক দুৰ্ঘটনাটো।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
বাছখনত যুৱকজনৰ ওলমি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি বাছখনত থকা যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।
আৰু ইয়াৰ পিছতে বাছৰ চালকে বাছখন কাষতে ৰখোৱাই দি আৰক্ষীক ঘটনাটোৰ বিষয়ে জানিবলৈ দিয়ে।
ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই জনাই যে, মৃত যুৱকজনৰ পৰিয়ালে বাছ আৰু ট্ৰাকৰ মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
ইয়াৰোপৰি আৰক্ষী বিষয়াজনে ৰাইজক আহ্বান জনাই যে,
তেওঁলোকে যান-বাহনৰ নীতি নিয়ম মানি চলক আৰু বাছ বা অন্য বাহনৰ পৰা শৰীৰৰ কোনো অংশ খিৰিকীৰে উলিয়াই নিদিয়ক।
আৰু পঢ়কঃ http://agp-releases-poll-manifesto-promises-assam-accord-implementation/
Photo Credit: AAJ TAK