ৰাকেশ পালৰ দুৰ্নীতিয়ে লজ্জানত কৰা APSC পুনৰ বিতৰ্কত। এইবাৰ APSCৰ তালিকাত ভুৱা দিব্যাংগৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগ। ১৭ জানুৱাৰীত প্ৰকাশ হৈছিল লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণৰ তালিকা। এই তালিকাত ছদ্মবেশী বহু দিব্যাংগৰ নাম অন্তৰ্ভুক্ত হোৱাৰ গুৰুতৰ অভিযোগ তুলিলে দিব্যাংগ মঞ্চ অসমৰ কাৰ্যকৰী সভাপতি মোস্তাফা কামালে।
তেওঁৰ অভিযোগ শাৰিৰীকভাৱে সুস্থ লোকৰ নাম সোমাইছে বিশেষ বাবে সক্ষমৰ কোটাত। যাৰ বাবে বঞ্চিত প্ৰকৃত দিব্যঙ্গ চাকৰিপ্ৰাৰ্থীসকল। সেয়ে তেওঁৰ APSCৰ পৰীক্ষা নিয়ন্ত্ৰকৰ লগতে মুখ্যমন্ত্ৰীলৈ আহ্বান, যিসকল শাৰীৰিকভাৱে অক্ষম কেটেগৰিত নাম অন্তৰ্ভুক্তিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰীক্ষা কৰা হওঁক। মেডিকেল ব’ৰ্ড গঠন কৰি পুনৰ পৰীক্ষণ কৰা হওঁক। অন্যথা আয়োগৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰ ভাবুকি মোস্তাফা কামালৰ।