নিৰ্বাচনৰ মাজতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত CAA বাতিলৰ দাবীত এক বৃহৎ মটৰ চাইকেল ৰেলী উলিয়াই।
বৃহস্পতিবাৰে গুৱাহাটী ৰটাৰী ক্লাবৰ পৰা ওলোৱা সমদলটো,
উলুবাৰী চাৰিআলি হৈ গণেশগুৰি উৰণীয়া সেতুৰ তলেৰে চানমাৰি হৈ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়ত অন্ত পৰে।
প্ৰায় ২ শতাধিক মটৰ চাইকেলেৰে অংশগ্ৰহণ কৰা সমদলটোত কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাপ্ৰতাপ ৰৰুৱা,
সাধাৰণ সম্পাদক পলাশ চাংমাই, মুখ্য উপদেষ্টা কমল ভৰালীৰ লগতে কেইবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰে।
সমদলটোত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে CAA বাতিল কৰক, CAA কোনো কাৰণতে মানি লোৱা নহ’ব,
কেন্দ্ৰীয় চৰকাৰ হায় হায়, ৰাজ্য চৰকাৰ হায় হায় আদি ধ্বনিৰে প্ৰতিবাদ কাৰ্যসূচী হাতত লয়।
Photo Credit: Google