পশ্চিমবংগৰ কোচবিহাৰত মুখ্যমন্ত্ৰী তথা TMC নেতা মমতা বেনাৰ্জীয়ে প্ৰত্যুত্তৰ দিয়ে নৰেন্দ্ৰ মোদীক।
অন্য আসনৰ বাবে নামাংকন কৰা মন্তব্যক লৈ মমতা বেনাৰ্জীয়ে প্ৰত্যুত্তৰ দি দাবী কৰে যে, তেওঁ নন্দীগ্রামৰ পৰাই নিৰ্বাচন জয় কৰিব।
কোচবিহাৰত মমতাই ক’লে, মই আপোনাৰ দলৰ সদস্য নহয়,
যে আপুনি মোক ক’ব মই কৰ পৰা নিৰ্বাচনত যুঁজ দিমদিম, মই নন্দীগ্রামৰ পৰাই জয়ী হ’ম।
আপুনি চিন্তা কৰিব নালাগে।
ৰাইজক আহ্বান জনাই মমতাই ক’লে যে, মই জানো মই জিকিম,
কিন্তু মোৰ লগত ২০০ গৰাকী প্ৰাৰ্থীও জয়ী হ’ব লাগিব, যাতে আমি চৰকাৰ গঠন কৰিব পাৰো।
ইয়াৰ বাবে TMCৰ প্ৰাৰ্থীক ভোট দিব লাগিব।
Photo Credit: Google