মাডাৰ্ছ অল্ড এজ হোম বৃদ্ধাশ্ৰমখনৰ শেহতীয়া ঘটনাৰাজি দৃষ্টিগোচৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ| বৃদ্ধাশ্রমখনৰ পৰিচালনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বেমেজালিক ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। বৃদ্ধাশ্ৰমখনত চলি থকা পৰিস্থিতি সন্দৰ্ভত তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰীয়ে, সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগক কঠোৰ নিৰ্দেশ দিছে।
বৃদ্ধাশ্ৰমখন পৰিচালনা কৰি থকা উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাৰ মাজত প্ৰায় এসপ্তাহ ধৰি সৃষ্টি হোৱা সংঘাতৰ বাবে বৃদ্ধাশ্ৰমখনত এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনা তদন্তৰ বাবে মুখ্যমন্ত্ৰীয়ে কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুক নিৰ্দেশ দিছে। উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰেই এই বৃদ্ধাশ্ৰমখনৰ পৰিস্থিতি সন্দৰ্ভত বুজ ল’বলৈ অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি বৃদ্ধাশ্ৰমখনলৈ যাব।
অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সমগ্ৰ ঘটনাৰাজিৰ বিশ্লেষণ কৰি আৰু বৃদ্ধাশ্ৰমখনত থকা আৱাসী তথা পৰিচালনাৰে জড়িত লোকসকলৰ মতামত গ্ৰহণ কৰি এক প্ৰতিবেদন দাখিল কৰিব। সেই প্ৰতিবেদনৰ ভিত্তিতেই প্ৰশাসনে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব। উপায়ুক্ত পেগুৱে লগতে কয়- বৃদ্ধাশ্ৰমখনত বিৰাজ কৰা পৰিৱেশৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল।
উল্লেখযোগ্য যে, হাতীগাঁৱৰ সিজু বাৰীত থকা এই বৃদ্ধাশ্ৰমখনত ৭০ গৰাকীৰো অধিক ককা-আইতা আছে। উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাই বৃদ্ধাশ্ৰমখন ২০১২চনৰ পৰা পৰিচালনা কৰি আহিছিল। দুয়োৰে মাজত সৃষ্টি হোৱা ব্যক্তিগত সংঘাতৰ বাবে বৃদ্ধাশ্ৰমখনৰ অচল অৱস্থাৰো সৃষ্টি হৈছিল।