ছিপাঝাৰ গৰুখুটিৰ উচ্ছেদ অভিযানে ৰাজ্য তোলপাৰ লগোৱাৰ পিছত এইবাৰ সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰিছে দিশপুৰ সমষ্টি । নাৱেৰে দিশপুৰ সমষ্টিৰ ভিন্ন প্ৰান্তত সন্দেহজনক নাগৰিকে চৰকাৰী ভূমি বেদখল কৰি নিশাটোৰ ভিতৰতে সাজিলে ঘৰ-দুবাৰ। সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক অভিযোগ ৫২ নং দিশপুৰ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰাই উত্থাপন কৰিছে।
সোমবাৰে সংবাদ মাধ্যমৰ আগত দিশপুৰৰ বিধায়ক গৰাকীয়ে কয় যে, ডিমৰীয়া সোণাপুৰ অঞ্চলৰ পাৰঘুমা, কচুতলি, বেলটিলা আদি ঠাইত গৰুখুটিৰ উচ্ছেদৰ গইনা লৈ হাজাৰ হাজাৰ সন্দেহযুক্ত নাগৰিক আহি চৰকাৰী মাটি বেদখল কৰি ঘৰ দুৱাৰ সাজিছে। এইসকল লোকক প্ৰশাসনে যদি অতি সোনকালে উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ডিমৰীয়া সোণাপুৰ হহৰা পঞ্চায়তত সন্দেহজনক লোকৰে ভৰি পৰিব আৰু পিছলৈ এইসকল লোকক উচ্ছেদ কৰাটো কঠিন হৈ পৰিব।
ইতিমধ্যে, এই সন্দৰ্ভত বিধায়ক গৰাকীয়ে যোৱা ২৫ ছেপ্টেম্বৰত কামৰূপ মহানগৰ জিলা উপযুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে যদিও এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰে। চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপক আদৰণি জনাই বিধায়ক অতুল বৰাই কয়-চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰাটো ৰাজহ চক্ৰ কাৰ্যালয় আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰথম আৰু প্ৰধান কাম। যদিহে এই দুটি কাৰ্যালয়ে বেদখল উচ্ছেদ কৰিব নোৱাৰে তেনেহ’লে বিধায়ক অতুল বৰাই নিজে যাঠি-জোং লৈ হ’লেও উচ্ছেদকাৰী সকলক খেদি পঠিয়াবলৈ বাধ্য হ’ব বুলিও হুংকাৰ দিয়ে৷