ৰাজ্যজুৰি আৰম্ভ হ’ল বহু প্ৰতীক্ষিত অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ ভোটগণনা।
আজি পুৱা ৭ বজাৰ পৰা বিভিন্ন স্থানৰ ষ্ট্ৰংৰূমত আৰম্ভ হৈছে ভোটগণনা।
কটকটীয়া নিৰাপত্তা আৰু ক’ভিড প্ৰট’কল মানি পূৰ্ণগতিত চলিছে ভোটগণনা।
ৰাজ্যৰ ১২৬ টা সমষ্টিৰ ৯৪১ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য় নির্ণয় হ’ব।
কাৰ দখললৈ যাব কোনটো সমষ্টি! ৰাজ্য়ত তিনিটা পর্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্রহণ।
পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনাত কোনটো দল কিমান ভোটত আগবাঢ়ি আছে।
বিজেপি+ ৬৪
কংগ্রেছ+২৯
অজাপ+ 0
অন্য়ান্য়ঃ ১
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে হ’বলগীয়া ভোটগ্ৰহণত সামৰি লোৱা হৈছে নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ ১১ খন জিলাক।
কোনটো সমষ্টিত, কোনগৰাকীয়ে প্রার্থীয়ে অগ্রগতি লাভ কৰিছেঃ
জালুকবাৰীৰ পৰা ৫০০০ ভোটত হিমন্ত বিশ্ব শৰ্মাৰ অগ্ৰগতি
মাজুলীৰ পৰা ২৭০০ ভোটত অগ্ৰগতি সৰ্বানন্দ সোণোৱাল
তিতাবৰত কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱা ৪০৯১টা ভোটত অগ্ৰগতি লাভ কৰিছে
মহাজোঁটৰ প্ৰাথী আমিনুল ইছলামে ৮৩৩২ ভোটত আগবাঢ়ি আছে
মৰিয়নীৰ ৰমণী তাতীয়ে ১৩১৯টা ভোটত আগবাঢ়ি আছে
টিয়কৰ মিত্ৰজোঁটৰ ৰেনুপমা ৰাজখোৱা ৮৭৫টা ভোটত আগবাঢ়ি আছে
ৰিপুন বৰা, দেবব্ৰত শইকীয়া আৰু ৰূপজ্যোতি কুৰ্মী পিছপৰি আছে।
২৭ মার্চত প্রথম পর্যায়ত, ১ এপ্ৰিলত দ্বিতীয় পর্যায় আৰু ৬ এপ্রিলত হৈছিল তৃতীয় পর্যায়ৰ নির্বাচন।
ইতিমধ্য়ে ৰাজ্য়ৰ প্রতিটো সমষ্টিৰ ভোটগণনা কেন্দ্রসমূহত কটকটীয়া নিৰাপত্তাৰ ব্য়বস্থা গ্রহণ কৰা হৈছে।
Photo: Headline8