দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে তিতাবৰ পূবালী নগৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত নিমিষতে জ্বলি শেষ হৈ যায় এটা শঙ্কৰ কালোৱাৰ মালিকনাধীন ফাৰ্নিচাৰৰ গুদাম ৷
এই ভয়ংকৰ অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’ল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ এই অগ্নিকাণ্ডৰ ফলত ৫০ লাখৰো অধিক টকাৰ সামগ্ৰী জুইত জাহ যায় ৷
অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বে ৰাইজে হাতে হাতে টিং,বাল্টি লৈ জুই নিৰ্বাপন কৰাৰ চেষ্টা কৰে যদিও জুই নিৰ্বাপন কৰাত বিফল হয় ৷ অৱশেষত তিতাবৰ-মৰিয়নীৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।